ৰীমাল ঘূর্ণিবতাহৰ প্ৰভাৱত অসম তথা উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত ভালেমান ক্ষয়-ক্ষতি হোৱাৰ লগতে ডিমা হাচাও জিলাত ৰে’ল চলাচল ব্যাহত হৈছে। জিলাখনৰ পাহাৰীয়া অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত ৰে’লপথ আৰু সুৰংগসমূহত পানী জমা হৈছে। ইয়াৰ ফলস্বৰূপে উত্তৰ-পূব ৰে’লৱে কিছুসংখ্যক ৰে’লৰ সেৱা বাতিল কৰাৰ লগতে কেইখন মান আংশিকভাৱে বাতিল নাইবা পুনৰ সময় নিৰ্ধাৰণ কৰিবলগীয়া হয়। নিউ হাফলঙৰ পৰা বান্দৰখাললৈ ৰে’ল পথৰ ক্ষয়-ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল কৰাৰ লগতে আন কেইখনমান ৰে’লৰ যাত্ৰা আংশিকভাৱে বাতিল কৰা হৈছে।
Site Admin | May 30, 2024 2:31 PM | Assam | DIMA HASAO FLOOD | remal cyclone
ৰীমাল ঘূর্ণিবতাহৰ প্ৰভাৱত অসম তথা উত্তৰ-পূবৰ বিভিন্ন অঞ্চলত ক্ষয়-ক্ষতি লগতে ডিমা হাচাওত ৰে’ল চলাচল ব্যাহত
