May 29, 2024 12:25 PM | remal cyclone

printer

উত্তৰ-পূৰ্বাঞ্চলত ৰীমাল ঘুর্ণী বতাহৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত, কেইবাজনো লোকৰ প্ৰাণহানি

ৰীমাল ঘুর্ণী বতাহৰ প্ৰভাৱত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ইয়াৰ ফলত অঞ্চলটোৰ ভালেমান এলেকা প্ৰভাৱিত হৈছে। ধুমুহা-বৰষুণ আৰু ভূমিস্খলনৰ ঘটনাত অসমত চাৰিজন, মিজোৰামত ২৮জন আৰু মেঘালয়ত এজন লোকে প্ৰাণ হেৰুৱাইছে। ধাৰাসাৰ বৰষুণৰ সৈতে অহা প্ৰবল বতাহৰ ফলত ভালেমান অঞ্চলত গছ, বিদ্যুতৰ খুঁটা উভালি পৰিছে আৰু বিদ্যুৎ তথা ইণ্টাৰনেট সেৱা ব্যাহত হৈছে। বৰষুণৰ বাবে ঠাইবিশেষে ভূমিস্খলন হোৱা বুলিও জানিব পৰা গৈছে। অসমত কালি ধাৰাসাৰ ধুমুহা-বৰষুণ আৰু ভূমিস্খলনৰ ফলত চাৰিজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাত মৃত্যুমুখত পৰে। আনহাতে, কামৰূপ জিলাত এজন আৰু কামৰূপ মহানগৰত আন এজন লোকৰ ধুমুহাৰ ফলত মৃত্যু হয়। ইফালে, গেৰুকামুখত এন এইচ পি চি প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমিস্খলনৰ ফলত মৃত্যু হৈছে।

অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত এখন স্কুলীয়া বাছৰ ওপৰত গছ ভাগি পৰা ফলত ১২গৰাকী শিক্ষার্থী আহত হয়। ইফালে, মৰিগাঁও জিলাৰ কেইবাটাও পৃথক ঘটনাত পাঁচজন লোক আহত হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুমুহা-বৰষুণৰ ফলত একাধিক লোকৰ প্ৰাণ নাশৰ ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ কালি মুখ্য সচিবক প্ৰভাৱিত পৰিয়ালসমূহক সাহায্য আৰু আহতসকলক সময়মতে চিকিৎসা প্রদানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি কালি ধুমুহাৰ ফলত বঙাইগাঁও, চিৰাং, দৰং, ধুবুৰী, হোজাই, কামৰূপ, কামৰূপ মহানগৰ, কাৰ্বি আংলং, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ, দক্ষিণ শালমৰা আৰু পশ্চিম কাৰ্বি আংলং জিলা প্ৰভাৱিত হয়।

ইফালে, মিজোৰামত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনত কমেও দুগৰাকী নাবালকসহ ২৮গৰাকী লোকৰ মৃত্যু হৈছে। আইজলৰ দক্ষিণ দিশৰ সীমামূৰীয়া মেলথুম অঞ্চলৰ এটা শিলৰ কোৱেৰীৰ বাহিৰত হোৱা এই ভূমিস্খলনৰ ফলত সন্ধানহীন হৈ থকা ৮জন লোকক এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই। বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে যদিও বৰষুণৰ বাবে উদ্ধাৰ কাৰ্যতঃ সমস্যাৰ সৃষ্টি হৈছে। জানিব পৰা মতে, কালি পুৱা এই ঘটনাটো সংঘটিত হয়। আনহাতে, হুন্থাৰ এলেকাৰ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ফলত আইজলৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। তদুপৰি ৰাজ্যৰ আন কেইবাটাও ঘাইপথত ভূমিস্খলন সংঘটিত হৈছে। ৰাজ্যখনৰ প্ৰশাসনে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু সম্ভাব্য সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। মিজোৰামৰ সকলো শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয় কালি প্ৰতিকূল বতৰৰ বাবে বন্ধ ৰখা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে মিজোৰামত হোৱা এই ভূমিস্খলনত বহু লোকৰ প্ৰাণ হেৰুওৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।

একেদৰে, মেঘালয়ৰ পূব জয়ন্তীয়া পার্বত্য জিলাত কালি এখন দেৱাল খহি পৰাৰ ফলত এজন লোকে প্ৰাণ হেৰুৱায়। জিলাখনত ভূমিস্খলনৰ ঘটনাত অন্য চাৰিজন লোক আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

নাগালেণ্ডত ৰীমাল ঘূর্ণী বতাহ আৰু বৰষুণৰ বাবে বিভিন্ন ঠাই ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি মোককচাঙৰ সমীপত চুচুয়িমলাং গাঁৱত ৯টা পৰিয়াল আৰু নক্সেন মহকুমাত ৩৬টা পৰিয়াল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰি ঝুনেব’ট জিলাত এটা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে।

মণিপুৰতো ধাৰাসাৰ বৰষুণৰ ফলত ভালেমান অংশ ক্ষতিগ্ৰস্ত হৈছে আৰু ৰাজ্যখনৰ মাজেৰে যোৱা বহুতো নৈ বিপদসীমাৰ ওপৰেদি বৈ আছে। ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ কাৰণে ৰাজ্যখনৰ বহু অংশত যোগাযোগ ব্যাহত হৈছে। ইম্ফল-জিৰিবাম পথৰ ইৰাং নৈৰ ওপৰত ন’নে জিলাত নিৰ্মাণ কৰা বেইলী দলংখন খহি পৰিছে।

অধিক পঢ়ক

সকলো চাওক