ৰেমল ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণৰ বাবে কেইবাখনো জিলাত সতর্কতা জাৰি

বংগোপসাগৰৰ উত্তৰ দিশৰ পৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰা ঘূর্ণী বতাহৰ প্ৰভাৱত ৰাজ্যখনৰ ঠায়ে ঠায়ে হোৱা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ ফলত কালিৰেপৰা জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ৰাজ্যত আজি ধাৰাসাৰ ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুওৱাৰ উপৰি ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত হৈছে। মৰিগাঁও জিলাৰ ধূপগুৰিত এজন ছাত্ৰৰ গাত গছ বাগৰি পৰাৰ ফলত ছাত্ৰজন মৃত্যুমুখত পৰে। আনহাতে, গেৰুকামুখত এন এইচ পি চি প্ৰকল্পৰ কৰ্মী এগৰাকীৰ ভূমি স্খলনৰ ফলত মৃত্যু হৈছে। ৰেমল নামৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণ হৈ আছে আৰু কেইবাখনো জিলাত সতর্কতা জাৰি কৰা হৈছে। চৰকাৰী সংস্থাসমূহে বঙাইগাঁও, দৰং, ধুবুৰী, হোজাই, কামৰূপ, কোকৰাঝাৰ, মৰিগাঁও, নগাঁও, শোণিতপুৰ, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ লগতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড অর্থাৎ এ পি ডি চি এলৰ সা-সম্পত্তিসমূহৰ ধুমুহাৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰি আছে। কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি ৰাজহচক্ৰৰ ঠাই বিশেষে আকস্মিক বানৰ সৃষ্টি হোৱা দেখা গৈছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী ভালেমান ঠাইত বৃদ্ধি পাইছে। চিৰাং, গোৱালপাৰা, বাক্সা, ডিমা-হাচাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত ৰেড এলার্ট জাৰি কৰাৰ বিপৰীতে ধুবুৰী, দক্ষিণ শালমাৰা, বঙাইগাঁও, বজালী, তামুলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাত অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।

গুৱাহাটীকে ধৰি ৰাজ্যৰ ভালেমান জিলাত নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ ফলত কালি সন্ধিয়াৰে পৰা বিদ্যুৎ যোগান ব্যাহত হৈ আছে। কেইবাখনো জিলাৰ প্ৰশাসনে সতর্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে আজি বিদ্যালয় বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱেই কেইবাখনো ৰে’লগাড়ীৰ যাত্ৰা বাতিল কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সকলো জিলা দুর্যোগ ব্যৱস্থা প্ৰাধিকৰণক পৰিস্থিতিৰ পৰ্যালোচনা চলাবলৈ আৰু প্ৰয়োজন সাপেক্ষে বিশেষকৈ ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, মানকাচৰ, বঙাইগাঁও আৰু বৰপেটা জিলাত ব্ৰহ্মপুত্ৰত নাও চলাচল নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিছে। বৰাক উপত্যকাৰ বৰাক আৰু কুশিয়াৰা নৈতো নাও চলাচল নিয়ন্ত্ৰণ কৰিবলৈ কোৱা হৈছে। ৰাজ্য চৰকাৰে ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলক সাজু কৰি ৰখা হৈছে আৰু নিয়ন্ত্রণ কক্ষসমূহ সক্ৰিয় কৰি তোলা হৈছে। নগাঁও জিলাৰ বিভিন্ন স্থানত ধুমুহাই বিস্তৰ ক্ষতি কৰা বুলি জানিব পৰা গৈছে। জিলাখনৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহৰ ঠায়ে ঠায়ে পথৰ কাষত গছ উভালি পৰাৰ লগতে প্ৰকাণ্ড গছৰ ডাল ভাগি পৰাৰ ফলত পথসমূহেৰে যাতায়াত ব্যাহত হৈছে। মহকুমা প্রশাসনে ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে। জিলাখনত ৫৫ টা বাসগৃহ ধুমুহাৰ ফলত ভাগি পৰা বুলি জানিব পৰা গৈছে। ইপিনে, নগাঁও ৰে’ল ষ্টেচনত আজি পুৱা গছ বাগৰি পৰি এজন লোক গুৰুতৰভাৱে আহত হয়। জিলাখনত ৰেড এলার্ট জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্তই জনসাধাৰণক যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে সাজু থাকিবলৈ আহ্বান জনাইছে। শিক্ষানুষ্ঠানসমূহ আজি বন্ধ ৰখাৰ লগতে পৰিস্থিতি একেই থাকিলে কাইলৈও বন্ধ ৰখা হ’ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে। মৰিগাঁও জিলাতো জিলাখনৰ আয়ুক্তৰ নির্দেশমর্মে আজি শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখা হয়। আজি শৈক্ষিক ক্ষতি অন্য এদিন পূৰণ কৰা হ’ব বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। মাজুলীত ধাৰাসাৰ বৰষুণ আৰু ঘূৰ্ণী বতাহৰ বাবে জিলা প্ৰশাসনে কাইলৈ জিলাখনৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছে। আনহাতে, যোৰহাট-মাজুলী সংযোগী ফেৰী সেৱাও অনিৰ্দিষ্ট কালৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। গোলাঘাট জিলাতো ধুমুহা-বৰষুণৰ ফলত ক্ষয়-ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। নুমলীগড়ত প্ৰচণ্ড ঘূর্ণী বতাহৰ ফলত ৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কেইবাখনো বাহনৰ বিস্তৰ ক্ষতি হৈছে।
নলবাৰী জিলাতো কালিৰেপৰা একেৰাহে বৰষুণ দি থকাত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। যোৱানিশাৰ পৰা জিলাখনত বিদ্যুৎ যোগানো ব্যাহত হৈ আছে। জিলাখনৰ ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত কেইবাটাও বাসগৃহ আৰু বিদ্যালয়ৰ ক্ষতি হোৱাৰ উপৰি ৰবি শস্য নষ্ট হোৱা বুলি জানিব পৰা গৈছে। জিলা প্ৰশাসনে জিলাখনৰ নৈসমূহত নাও চলাচল নিষিদ্ধ কৰাৰ লগতে দুদিনৰ বাবে মাছ ধৰা, নৈৰ সমীপত ঘাঁহ কটা ইত্যাদি কামৰ পৰা বিৰত থাকিবলৈ সতর্কতাবাণী জাৰি কৰিছে। বৰপেটা জিলাতো ৰেমলৰ প্ৰভাৱত যোৱানিশাৰে পৰা ধাৰাসাৰ বৰষুণ হৈছে। ঠায়ে ঠায়ে বিদ্যুৎ যোগান ব্যাহত হৈছে যদিও এ পি ডি চি এলে বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। সতর্কতামূলক ব্যৱস্থা হিচাপে জিলাখনৰ প্ৰধান নৈসমূহত কালিৰেপৰা নাও চলাচল, মাছ ধৰা আদি কাৰ্য নিষিদ্ধ কৰা হৈছে। ডিমা হাচাও জিলাৰ হাফলঙত ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলন আৰু বানে স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত কৰিছে। জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলাখনৰ সকলো শিক্ষানুষ্ঠান কাইলৈ পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিছে। তদুপৰি জনসাধাৰণক অত্যন্ত প্রয়োজন নহ’লে ঘৰতে থকাৰ লগতে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। ইয়াৰ লগতে লোকনিৰ্মাণ, কৃষি, এ পি ডি চি এল, জলসিঞ্চন, ভূমি সংৰক্ষণ, পশুপালন আৰু পশু চিকিৎসা বিভাগকে ধৰি সংশ্লিষ্ট বিভাগসমূহলৈও উচ্চ সতর্কতা জাৰি কৰা হৈছে। ইপিনে, জাতিংগা-হাৰাংগাজাও সংযোগী পথেৰে ১ জুন পৰ্যন্ত গধুৰ বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। জিলাখনত ভূমি স্খলনৰ ফলত ভালেসংখ্যক বাসগৃহৰ ক্ষতি হৈছে। ৰাজ্য চৰকাৰে লগতে জনসাধাৰণক স্থানীয় প্ৰশাসনৰ সৈতে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি গোৱালপাৰা, ডিমা হাচাও, কাছাৰ আৰু কৰিমগঞ্জ জিলাত ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে।

অধিক পঢ়ক

সকলো চাওক