প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যতিক্ৰমী মত বিনিময় অনুষ্ঠান পৰীক্ষা পে চৰ্চাৰ অষ্টম সংস্কৰণ অহা মাহত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে ইতিমধ্যে মাই গভ পৰ্টেলত পঞ্জীয়ন আৰম্ভ হৈছে আৰু ১৪ জানুৱাৰী পঞ্জীয়নৰ অন্তিম দিন। পৰীক্ষা পে চর্চা কাৰ্যসূচীয়ে ছাত্র-ছাত্রী, শিক্ষক তথা অভিভাৱকসকলৰ পৰীক্ষাৰ চাপ হ্ৰাস কৰি জীৱনটো এটা উৎসৱ হিচাপে পালন কৰিবলৈ উৎসাহিত কৰে। শিক্ষা মন্ত্ৰ্যালয়ৰ এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীৰ অধীনত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকসকলৰ বাবে বিবিধ বিকল্প প্রশ্ন হিচাপে এলানি কুইজ প্রতিযোগিতাৰ ব্যৱস্থা কৰা হৈছে। পঞ্জীয়নৰ সময়ত ছাত্ৰ-ছাত্রীসকলে প্রধানমন্ত্রীক সুধিব বিচৰা পৰীক্ষাৰ চাপ, কেৰিয়াৰ, ভৱিষ্যতৰ আঁচনি অথবা জীৱন সন্দৰ্ভত যিকোনো ধৰণৰ প্ৰশ্নসমূহ জমা দিব পাৰিব।
Site Admin | December 20, 2024 12:00 PM | Registration opens for 8th Pariksha pe Charcha to be held in Jan 2025