আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা মতে কাইলৈৰ পৰা অহা ২৯ মে’লৈ ৰাজ্যৰ কেইবাখনো জিলাত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কাইলৈ অসমৰ লগতে মিজোৰাম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডৰ কেইবাটাও স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। এই সময়ছোৱাত অসম আৰু ত্ৰিপুৰাৰ কোনো কোনো স্থানত গ্ৰীষ্ম প্রবাহৰ সম্ভাৱনা আছে। অহা ২৭ মে’ৰ পৰা ২৯ মেলৈ অসমৰ লগতে নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ ভালেকেইখন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে ৰাজ্যৰ বিভিন্ন স্থানত আজি পূৰ্বতকৈ তাপমাত্ৰা বৃদ্ধি পায়। বর্ধিত তাপমাত্ৰাৰ বাবে গুৱাহাটী মহানগৰীত যান-বাহনৰ চলাচল হ্ৰাস পাইছে। গৰমৰ এই সময়ছোৱাত মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন স্থানত শীতল পানীয়ৰ চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে আজি সামাজিক মাধ্যমযোগে ঘৰ, কাৰ্যালয়, বাণিজ্যিক প্রতিষ্ঠান আদিৰ সমীপত কৰ্তব্যৰত আৰক্ষীসকলক পানী যোগান ধৰিবলৈ ৰাইজলৈ আহ্বান জনাইছে। লগতে শ্রীসিঙে আৰক্ষীৰ লোকসকলো নিজাববীয়াকৈ খোৱাপানী বটল লগত ৰাখিবলৈ অনুৰোধ জনাইছে।
Site Admin | May 25, 2024 8:00 PM | Assam | Assamese News | IMD | IMD weather | weather guwahati