ভাৰতৰ বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৩০ আগষ্টত সমাপ্ত হোৱা সপ্তাহটোত ২০০ কোটিৰো অধিক ডলাৰ বৃদ্ধি পাই ৬৮ হাজাৰ ৩৯০ কোটি ডলাৰৰ অভিলেখ পৰ্যায় পাইছেগৈ। ভাৰতীয় ৰিজাৰ্ভ বেংকে কালি জাৰি কৰা তথ্য অনুসৰি বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধন একেৰাহে তৃতীয় সপ্তাহৰ বাবে বৃদ্ধি পাইছে। বিগত ৩ সপ্তাহত বিদেশী মুদ্রা ভাণ্ডাৰত জমা থকা ধন এহেজাৰ ৩৯০ কোটি ডলাৰ বৃদ্ধি পাইছে। এই সময়ছোৱাত মুদ্ৰা ভাণ্ডাৰত জমা থকা ধনৰ পৰিমাণ ৮৬ কোটি ২০ লাখ ডলাৰ বৃদ্ধি পাই ৫৫ হাজাৰ ৯০০ কোটি হৈছে। একেদৰে বিশেষ আহৰণ অধিকাৰ এছ ডি আৰ আৰু ৯০ লাখ ডলাৰ বৃদ্ধি পাই এহেজাৰ ৮৪৭ কোটি ডলাৰৰ স্তৰত উপনীত হৈছে।
Site Admin | September 7, 2024 12:27 PM | RBI
ভাৰতৰ বিদেশী মুদ্ৰা ভাণ্ডাৰত জমা থকা ধন একেৰাহে তৃতীয় সপ্তাহৰ বাবে বৃদ্ধি
