ভাৰতীয় ৰিজাৰ্ভ বেংক RBI-এ ৰেপ’ হাৰ অৰ্থাৎ কেন্দ্ৰীয় বেংকটোৱে বাণিজ্যিক বেংকসমূহক প্ৰদান কৰা ঋণৰ সুদৰ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস কৰিছে। RBI-এ বিগত ৫ বছৰত এইবেলি একেৰাহে দ্বিতীয় বাৰৰ বাবে ৰেপ’ হাৰ হ্ৰাস কৰিছে। আজি মুম্বাইত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মলহোট্টাই কয়, যে ছজনীয়া মুদ্রা নীতি কমিটীয়ে চলিত বিত্তীয় বৰ্ষৰ প্ৰথমখন বৈঠকত সর্ব সন্মতিক্রমে ৰেপ’ হাৰ কম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কমিটীয়ে লগতে মুদ্রা নীতি সম্পৰ্কীয় দৃষ্টিভংগী নিৰপেক্ষৰ পৰা উদাৰলৈ সলনি কৰিছে। নতুন মুদ্রা নীতি অনুযায়ী Standing deposit facility অর্থাৎ বাণিজ্যিক বেংকসমূহক কোনোধৰণৰ অতিৰিক্ত বন্ধকী অবিহনে ৰাহি হোৱা ধনৰাশি জমা থোৱাৰ সুবিধাৰ হাৰ ৫.৭ – ৫ শতাংশ হৈছে। একেদৰে Marginal standing facility অর্থাৎ বেংকসমূহৰ বাবে ৰেপ’ হাৰতকৈ উচ্চ হাৰত ধাৰে লোৱা ধনৰ সুদৰ হাৰ আৰু বেংক ৰেট অৰ্থাৎ বাণিজ্যিক বেংকসমূহলৈ দিয়া ঋণৰ বাবদ লোৱা সুদৰ হাৰ ৬ দশমিক ২.৫ শতাংশ হৈছে। RBI-ৰ গৱনৰগৰাকীয়ে কয়, যে মুদ্রা নীতি কমিটীয়ে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ পূৰ্বানুমান পূৰ্বৰ ৬ দশমিক ৭ শতাংশৰ পৰা ৬ দশমিক ৫ শতাংশলৈ হ্ৰাস কৰিছে। তেওঁ কয়, যে ২০২৫-২৬ বৰ্ষত খুচুৰা মুদ্রাস্ফীতি ৪ শতাংশ হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ৭ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা মুদ্রানীতি কমিটীৰ বৈঠকৰ আজি সামৰণি পৰে।
Site Admin | April 9, 2025 7:43 PM | RBI
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰেপ’ হাৰ ২৫ আধাৰ পইণ্ট হ্ৰাস
