April 6, 2024 12:42 PM | RBI

printer

২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে উপভোক্তা মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি ৪.৫ শতাংশ হোৱাৰ সম্ভাৱনাঃ আৰ বি আই

ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰ বি আই) কৈছে যে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে উপভোক্তা মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি ৪ দশমিক ৫ শতাংশ হোৱাৰ সম্ভাৱনা আছে। আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে দ্বি-মাসিক মুদ্রানীতি ঘোষণা কৰি কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ২০২২ চনৰ এপ্ৰিলৰ ৭ দশমিক ৮ শতাংশৰ তুলনাত মুদ্রাস্ফীতি যথেষ্ট হ্রাস পাইছে। তেওঁ লগতে কয় যে মুদ্রাস্ফীতি হ্রাস পাইছে যদিও এই হাৰ এতিয়াও চৰকাৰে নিৰ্ধাৰণ কৰা ৪ শতাংশৰ ওপৰত আছে। গৱর্নৰগৰাকীয়ে কয় যে ২০২৪-২৫ বৰ্ষৰ বাবে প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৭ শতাংশ হোৱাৰ সম্ভাৱনা আছে। প্রথম ত্রি-মাসিকৰ এই হাৰ ৭ দশমিক ১ শতাংশ, দ্বিতীয় ত্রি-মাসিকৰ ৬ দশমিক ৯ শতাংশ আৰু তৃতীয় তথা চতুর্থ ত্রি-মাসিকত ৭ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে। আৰ বি আইৰ মুদ্রানীতি কমিটীয়ে একেৰাহে সপ্তমবাৰৰ বাবে ৰেপ’হাৰ অপৰিৱৰ্তিত ৰাখিছে। আৰ বি আইৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে চলিত বৰ্ষৰ ২৯ মার্চ পর্যন্ত দেশৰ বিদেশী মুদ্রা ভাণ্ডাৰত ৬৪ হাজাৰ ৫৬০ কোটি মার্কিন ডলাৰ মজুত আছে আৰু এই পৰিমাণ সৰ্বকালৰ সৰ্বাধিক।

অধিক পঢ়ক

সকলো চাওক