ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাষ্ট্ৰপতি আৰু প্রাক্তন ৰাষ্ট্ৰপতিসকলৰ নিৰ্বাচিত উপহাৰ নিলামৰ বাবে ‘ই-উপহাৰ’ পৰ্টেল মুকলি

ৰাষ্ট্ৰপতি ভৱনে ই-উপহাৰ নামৰ অনলাইন পৰ্টেলৰ জৰিয়তে বিভিন্ন অনুষ্ঠানত ৰাষ্ট্ৰপতি আৰু প্রাক্তন ৰাষ্ট্ৰপতিসকলে লাভ কৰা নিৰ্বাচিত উপহাৰসমূহ নিলাম কৰিব। ৰাষ্ট্ৰপতি হিচাপে দুবছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে দ্রৌপদী মুৰ্মুৱে এই পৰ্টেল মুকলি কৰে । প্ৰথম পৰ্যায়ত প্রায় ২৫০ টা সুন্দৰ উপহাৰ নিলাম কৰা হ’ব। অহা মাহৰ ৫ তাৰিখৰ পৰা ২৬ তাৰিখলৈ নিলাম প্রক্রিয়া মুকলি থাকিব। নিলামৰ সময়সীমা শেষ হোৱাৰ পিছত সামগ্ৰীসমূহ অর্পণ কৰা হ’ব। ইচ্ছুক ব্যক্তিয়ে upahaar.rashtrapatibhavan.gov.in পৰ্টেলত সবিশেষ তথ্য লাভ কৰিব পাৰিব৷ নিলামৰ পৰা লাভ কৰা সকলো ধন আৰ্তজনৰ সহায়ৰ বাবে আগবঢ়োৱা হ’ব। নিলামৰ বাবে থকা উপহাৰসমূহ ৰাষ্ট্ৰপতি ভৱনৰ সংগ্ৰহালয়ত জনসাধাৰণৰ দৰ্শনৰ বাবে উপলব্ধ হ’ব। ইচ্ছুক দর্শকে visit.rashtrapatibhavan.gov.in পৰ্টেলৰ জৰিয়তে সংগ্ৰহালয়ৰ টিকট বুকিং কৰিব পাৰিব৷ মঙলবাৰৰ পৰা দেওবাৰলৈকে, পুৱা ৯ বাজি ৩০ মিনিটৰ পৰা বিয়লি ৫ বজালৈ দৰ্শকৰ বাবে সংগ্ৰহালয়ৰ দুৱাৰ মুকলি থাকিব ৷

অধিক পঢ়ক

সকলো চাওক