ৰাজ্যৰ বিভিন্ন প্ৰান্তত অহা ১৫ নৱেম্বৰৰ পৰা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ৰাস সমিতিসমূহৰ উদ্যোগত ৰাসৰ আখৰাকে ধৰি অন্যান্য প্রস্তুতি চলাই থকা হৈছে। মহানগৰীৰ ওদালবাক্ৰাত জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত আয়োজন কৰা ৰাস মহোৎসৱত ১৫০টা মৃণ্ময় মূৰ্তিৰে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰা হ’ব। শৰৎ কালৰ পূৰ্ণিমা তিথিত আয়োজন কৰা এই ৰাসলীলা বা ৰাস মহোৎসৱ উপলক্ষে মাজুলীকে ধৰি ৰাজ্যৰ অন্যান্য অঞ্চলসমূহতো উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে। মাজুলী জিলা প্ৰশাসনে ৰাসৰ সময়ত যাতে সমগ্ৰ মাজুলীতে শান্তি-শৃংখলা বৰ্তাই ৰাখি পৰা যায় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাস উপলক্ষে মাজুলীলৈ অহা পৰ্যটকসকলে যাতে সুন্দৰভাৱে মাজুলীত আহ-যাহ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহনৰ চালকসকলক নীতি-নিয়ম মানি চলিবলৈ জিলা প্ৰশাসনে সকলোৰে প্ৰতি আহ্বান জনাইছে। ৰাস উপলক্ষে কালি মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখন সংবাদকর্মীসকলৰ সৈতে এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অনুষ্ঠান-প্রতিষ্ঠান, দোকান-পোহাৰৰ লগতে প্ৰতিঘৰৰ সন্মুখত মাটিৰ চাকি জ্বলাই আধ্যাত্মিক চেতনাৰে ৰাস উদযাপন কৰিবলৈ জিলা আয়ুক্তই মাজুলীবাসীৰ প্ৰতি আহ্বান জনায়। ৰাসৰ সময়ছোৱাত যাতে মাজুলীৰ কমলাবাৰী, অফলামুখ, দক্ষিণপাট ঘাটেৰে পুৱাৰে পৰা যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অহৰহৰ ফেৰী সেৱা চলি থাকে তাৰ বাবেজিলা প্রশাসনে সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছে। তদুপৰি অফলাইন যোগেও ফেৰীৰ টিকট উপলব্ধ হোৱাৰ লগতে ইয়াৰ মূল্য স্বাভাৱিক কৰি ৰাখিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিছে। জিলাখনৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত ৰাস মহোৎসৱৰ পৰিচালনা সমিতিক ৰাস উদযাপনৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ নিৰ্দেশ দিছে। স্বচ্চতা বজাই ৰখা তিনিখন ৰাস উদযাপন সমিতিক এইবাৰ জিলা প্ৰশাসনে স্বচ্ছতা বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, মাজুলীৰ দক্ষিণপাট সত্ৰৰ লগতে গড়মুৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী আদি সত্ৰত পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰা ৰাস উৎসৱ মাজুলীৰ অন্যতম উৎসৱ আৰু দেশ বিদেশৰ পর্যটকসকলকো এই উৎসৱৰ বাৰেৰহনীয়া পৰম্পৰাই আকৰ্ষিত কৰি আহিছে । উজনি অসমৰ ভালেমান ঠাইত ৰাসলীলা উদযাপনৰ বাবে আখৰাকে ধৰি প্ৰস্তুতি চলি আছে। নামনি অসমৰ হাউলী, নলবাৰী, বজালীকে ধৰি বিভিন্ন অঞ্চলত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উপলক্ষে যথাবিহিত ৰীতি- নীতিৰে পূজা অৰ্চনাৰ লগতে মৃণ্ময় মূৰ্তিৰ সহায়ত ৰাসলীলা পৰিবেশন কৰা হয়। বর্তমান সময়ত আটকধুনীয়া আলোকসজ্জা আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই ৰাসলীলা উপভোগ্য কৰি তোলা হয়।
Site Admin | November 11, 2024 12:04 PM | assam rash mahotsav