ৰাস মহোৎসৱ উদযাপনৰ বাবে উজনিৰ পৰা নামনিলৈ বিভিন্ন জিলাৰ প্ৰান্তে প্রান্তে ব্যাপক আয়োজন প্রায় সম্পূৰ্ণ হৈছে। সত্ৰভূমি মাজুলীৰ লগতে উজনি অসমৰ কেইবাখনো জিলা আৰু নামনি অসমৰ হাউলী- নলবাৰীকে ধৰি ভালেমান অঞ্চলত পৰম্পৰাগত ৰীতি-নীতিৰে আৰু আড়ম্বৰপূৰ্ণভাৱে ৰাস মহোৎসৱ উদযাপনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যখনৰ বিভিন্ন ৰাস উদযাপন সমিতিলৈ ২৫ হাজাৰ টকাকৈ আগবঢ়োৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি মাজুলীৰ ৰাস উদযাপন সমিতিসমূহলৈ অসম চৰকাৰৰ পর্যটন বিভাগে অতিৰিক্ত ৫০ হাজাৰ টকাকৈ আগবঢ়াইছে। আজি কমলাবাৰীৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত মাজুলী জিলাৰ ৰাস সমিতিসমূহক মন্ত্রী জয়ন্ত মল্ল বৰুৱাই আর্থিক অনুদান বিতৰণ কৰে। তেওঁ প্ৰতিখন ৰাস উদযাপন সমিতিক পৰিচ্ছন্নতা বজাই ৰাখি এই উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে মাজুলীৰ ৰাসৰ বৈশিষ্ট্য সম্পৰ্কে উল্লেখ কৰি এই আধ্যাত্মিক উৎসৱৰ অনন্য সুন্দৰ উদযাপনে বহু পৰ্যটকক আকৰ্ষিত কৰে বুলি মন্তব্য কৰে। শিৱসাগৰ নগৰৰ সমীপৰ ঢুলীয়া পাৰত পৰহিলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আঞ্চলিক ভিত্তিত ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱ উদযাপনৰ বাবে সমিতিয়ে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। এই উপলক্ষে স্থানীয় ৰংগমঞ্চত ৰাসৰ অন্তিম আখৰাত স্থানীয় শিল্পী, কলা-কুশলীসকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰি নগৰখনৰ সমীপৰ বেতবাৰী, জয়সাগৰ, কালুগাঁও, জাঁজী, ফুলপানী ছিগা, শলগুৰি, আখৈফুটীয়া আদি আঞ্চলতো ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে ৰাইজে ৰাস উৎসৱৰ প্ৰস্তুতি চলাইছে। নলবাৰীৰ হৰিমন্দিৰ প্ৰাংগণত পৰহিলৈ আৰম্ভ হ’বলগীয়া ৰাস মহোৎসৱ ২৭ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব। সেই উপলক্ষে সমগ্ৰ নলবাৰী চহৰখন বিভিন্ন আলোকসজ্জাৰে সজাই-পৰাই তোলা হৈছে। এইবাৰ এই ৰাস মহোৎসৱত মৃণ্ময় মূৰ্তিৰ লগতে জীৱন্ত ৰাস আৰু পুতলা নাচৰ ৰাসো অনুষ্ঠিত হ’ব। হাউলীৰ ৰাস মহোৎসৱ ১৫-দিনীয়া কাৰ্যসূচীৰে পৰহিলৈৰ পৰা অনুষ্ঠিত হ’ব। ৯৭ সংখ্যক এই ৰাস মহোৎসৱ উদযাপন সন্দৰ্ভত উদযাপন সমিতিয়ে প্রকাশ কৰা মতে এইবাৰ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড০ বাবুল দাসে ৰাস মহোৎসৱ উদ্বোধন কৰিব। মহোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো প্ৰদান কৰিবলগীয়া হাউলী বঁটা শাস্ত্রীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্রক প্ৰদান কৰা হ’ব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচী আৰু কেইবাটাও মনোজ্ঞ আলোচনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
Site Admin | November 13, 2024 8:00 PM | Ras mahotsav