ডাউনলোড
মোবাইল এপ

android apple
signal

November 12, 2024 7:28 PM | assam rash mahotsav

printer

সমাগত ৰাস মহোৎসৱৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি

সমাগত ৰাস মহোৎসৱৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে। সত্ৰীয়া সংস্কৃতিৰ পীঠ স্থান মাজুলীৰ সত্ৰসমূহৰ লগতে উজনি অসমৰ বিভিন্ন জিলা আৰু নামনি অসমৰ ঠায়ে ঠায়ে ৰাস উৎসৱক কেন্দ্ৰ কৰি উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। শৰৎ কালৰ পূৰ্ণিমাৰ মনোৰম পৰিৱেশত পালন কৰা এই ৰাসলীলাৰ প্ৰস্তুতি উপলক্ষে মাজুলীৰ সত্ৰসমূহত উখল- -মাখল পৰিবেশে বিৰাজ কৰিছে। প্ৰতিবছৰে মাজুলীৰ ৰাস মহোৎসৱ উপভোগ কৰিবলৈ দেশ বিদেশৰ বহু লোক আহি নদীদ্বীপটোত উপস্থিত হয়। এইবাৰ সত্ৰসমূহৰ লগতে স্থায়ী অস্থায়ী ভিত্তিত মুঠ ৬৫ খন ৰাস মহোৎসৱ জিলাখনত উদ্যাপন কৰা হব। ১৪ৰ পৰা ১৮ নৱেম্বৰলৈ হবলগীয়া এই উৎসৱৰ মঞ্চসমূহত শিশু ৰাস, মিছিং ভাষাৰ ৰাসৰ লগতে ৪ খন ৰংগমঞ্চত সম্পূৰ্ণৰূপে মহিলা শিল্পীসকলৰ দ্বাৰা ৰাসলীলা পৰিৱেশন কৰা হব। মাজুলীৰ ঐতিহাসিক চামগুৰি সত্ৰৰ মুখাশিল্পীসকল ৰাস উৎসৱৰ বাবে বিগত কিছুদিন ধৰি ব্যস্ত হৈ পৰিছে। সত্ৰত নিৰ্মিত মুখাৰ সহায়ত ৰাসলীলা পৰিৱেশনৰ বাবে বিভিন্ন চৰিত্ৰৰ ৰূপ দিয়া হয়। চৰাইদেউ জিলাৰ ঐতিহাসিক চুকাফা অঞ্চলত ৰাসলীলা উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে। ১৫ আৰু ১৬ নৱেম্বৰত জিলাখনৰ দৌলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ৰাস মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে আখৰাত সকলো ব্যস্ত হৈ পৰিছে। নগাঁও জিলাৰ কঠিয়াতলিৰ ঐতিহাসিক বামুণীগোসাঁই প্ৰাংগণত ৰাস উৎসৱৰ আখৰাৰ বাবে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। পৰহিলৈৰ পৰা তিনিদিনীয়াকৈ অঞ্চলটোত ৰাস উৎসৱ পালন কৰা হব। জিলাখনৰ ৰহাৰ ভিন ভিন অঞ্চলৰ গাঁওসমূহৰ ৰাইজে এইবাৰ একেলগ হৈ প্ৰথমবাৰৰ বাবে দুদিনীয়াকৈ ৰাস উৎসৱ পালন কৰিব। শিৱসাগৰ জিলাৰ নাজিৰাৰ মেচাগড় ৰাস মহোৎসৱৰ বাবে উদ্যোক্তাসকলে বিশেষ আয়োজন কৰিছে। অঞ্চলটোৰ যুৱক-যুৱতীসকল ৰাসলীলাৰ আখৰা সম্পূৰ্ণ কৰাত ব্যস্ত হৈ পৰিছে। উজনি অসমৰ লখিমপুৰকে ধৰি আন কেইবাখনো ঠাইৰ লগতে নামনি অসমৰ হাউলী, নলবাৰী, বজালীকে ধৰি বিভিন্ন অঞ্চলত ৰাস মহোৎসৱ উপলক্ষে যথাবিহিত ৰীতি-নীতিৰে পূজা অৰ্চনা কৰাৰ লগতে মৃণ্ময় মূৰ্তিৰ সহায়ত ৰাসলীলা পৰিৱেশন কৰা হব ।

অধিক পঢ়ক

সকলো চাওক