ডাউনলোড
মোবাইল এপ

android apple
signal

August 20, 2024 6:53 PM | Ranuj pagu

printer

৩০টা জনগোষ্ঠী সংগঠনৰ সৈতে শিৱসাগৰত ডাঃ ৰণোজ পেগুৰ বৈঠক

শিৱসাগৰত এগৰাকী যুৱতীক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতিৰ পাছত আজি শিৱসাগৰ যুৱ দ’লত জিলাখনৰ ৩০টা জনগোষ্ঠী সংগঠনৰ সৈতে জিলাখনৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগু এখন বৈঠকত মিলিত হয়। সদৌ টাই আহোম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৩০টা দল-সংগঠনৰ সৈতে হোৱা বৈঠকত মন্ত্ৰীগৰাকীয়ে এই বিষয়টো অসম চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বুলি মন্তব্য কৰে। মন্ত্ৰী পেগুৱে বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত জনগোষ্ঠীয সংগঠনসমূহে খিলঞ্জীয়া ভূমিৰ অধিকাৰকে ধৰি বিভিন্ন বিষয়ত উত্থাপন কৰা দাবীসমূহ চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি জানিবলৈ দিয়ে। জিলাখনৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, আৰক্ষী অধীক্ষক শুভ্রজ্যোতি বৰাকে ধৰি শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত জিলাখনত অসমীয়া আৰু একাংশ অনা-অসমীয়া ব্যৱসায়ী সমাজৰ মাজত হোৱা সংঘাতময় পৰিস্থিতিৰ অৱসান ঘটোৱাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পর্কে আলোচনা কৰা হয়। উল্লেখযোগ্য যে যোৱা ১৩ আগষ্টত শিৱসাগৰ নগৰৰ বাবুপট্টিত এগৰাকী যুৱতীক তিনিজন ব্যৱসায়ীয়ে প্ৰহাৰ কৰাক লৈ এই সংঘাতময় পৰিস্থিতিৰ সূচনা হৈছিল।

অধিক পঢ়ক

সকলো চাওক