অসম চৰকাৰে এতিয়াৰেপৰা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহক পৰীক্ষা কেন্দ্ৰৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াৰ বিষয়ে সক্রিয়ভাৱে বিবেচনা কৰিছে। আজি ৰাজ্য বিধানসভাত যোৱা ২১ মাৰ্চত হ’বলগীয়া অসম বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ একাদশ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনা সম্পৰ্কত বিবৃতি দি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এইকথা প্রকাশ কৰে। তেওঁ কয়, যে গোৱালপাৰা জিলাৰ এখন ব্যক্তিগত বিদ্যালয়ৰ পৰা এই প্রশ্নকাকত প্রথমে ফাদিল হোৱা আৰু আন ১৫ খন বিদ্যালয়ত প্রশ্নকাকতৰ টোপোলা আগতীয়াকৈ খোলা হৈছিল বুলি নিশ্চিত তথ্য লাভ কৰা হৈছে। এই অনিয়ম আন তিনিখন প্রাদেশিকীকৃত বিদ্যালয়তো সংঘটিত হোৱা বুলি সম্ভেদ পোৱা গৈছে। তেওঁ কয়, যে বাতিল হোৱা পৰীক্ষাসমূহৰ দিন পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে ঘোষণা কৰা হ’ব আৰু এই দোষী বিদ্যালয়কেইখনত পৰৱৰ্তী শিক্ষাবৰ্ষত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তিত বাধা আৰোপ কৰা হৈছে ।
ৰাজ্যখনৰ চৰ অঞ্চলকে ধৰি আওহতীয়া অঞ্চলসমূহত থকা বিদ্যালয়সমূহত শিক্ষকৰ নাটনিৰ সমস্যাটো দূৰ কৰাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শিক্ষকৰ অঞ্চলভিত্তিক নিযুক্তি কেডাৰ পদ সৃষ্টিৰ পৰামৰ্শ দিছে আৰু এই বিষয়ে শীঘ্ৰে এটা সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি তেওঁ সদনক জানিবলৈ দিয়ে।