খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জিলাসমূহত আলু-পিঁয়াজকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী যথেষ্ট পৰিমাণে মজুত আছে বুলি প্ৰকাশ কৰিছে। বহিঃৰাজ্যৰ পৰা আলু আৰু পিঁয়াজ কঢ়িওৱা বাহনসমূহ পশ্চিমবংগৰ মাজেৰে অসমত প্ৰৱেশ কৰিব পৰা নাই বুলি সংবাদ মাধ্যমযোগে বাতৰি প্ৰচাৰ হোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে কেৱল সাময়িক ভাৱেহে এনে হৈছিল। এই বাতৰিৰ অজুহাতত খুচুৰা বা পাইকাৰী ব্যৱসায়ীসকলক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নকৰিবলৈ তেওঁ আহ্বান জনায়। এই সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে মত বিনিময় কৰা হৈছে বুলি তেওঁ সদৰি কৰে। তেওঁ লগতে কয় যে বর্তমান আলু- পিঁয়াজকে ধৰি অত্যাৱশ্যকীয় সামগ্রী কঢ়িওৱা বাহনসমূহৰ চলাচল স্বাভাৱিকভাৱে অব্যাহত আছে। কোনো ব্যৱসায়ীয়ে মূল্য বৃদ্ধি কৰিলে আয়ুক্ত অথবা খাদ্য আৰু অসামৰিক যোগান তথা গ্রাহক পৰিক্ৰমা বিভাগক অৱগত কৰিবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায়।
Site Admin | July 19, 2024 11:45 AM | ranjeet das patato onion stock