ডাউনলোড
মোবাইল এপ

android apple
signal

অহা মাহৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগক ৰাজ্য চৰকাৰৰ আহ্বান

অহা মাহৰ প্ৰথম সপ্তাহতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিবলৈ ৰাজ্য চৰকাৰে ৰাজ্যিক নিৰ্বাচন আয়োগক আহ্বান জনাইছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি এই বিষয়ে সদৰী কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে নির্বাচনী অধিসূচনা জাৰিৰ দিনটোৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, নিৰ্বাচনত জয়লাভ কৰাসকলক প্ৰমাণপত্ৰ দাখিল কৰি নির্বাচনী প্রক্রিয়া সম্পূৰ্ণ কৰিবলৈ এমাহ সময়ৰ প্ৰয়োজন হয়। চৰকাৰৰ তৰফৰ পৰা নিৰ্বাচন আয়োগক ৫ মে’ৰ ভিতৰত পঞ্চায়ত নির্বাচন প্রক্রিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনোৱা হৈছে। অসম বিধানসভাৰ বাজেট অধিৱেশনত অসম পঞ্চায়ত বিধেয়ক, ২০২৫ গৃহীত হোৱাৰ প্ৰসংগ উত্থাপন কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে এই বিধেয়কৰ জৰিয়তে পঞ্চায়তী ৰাজ ব্যৱস্থাক অধিক শক্তিশালী আৰু কাৰ্যক্ষম কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। পঞ্চায়ত আইনখনত এইবাৰ ৩ টা নতুন ধাৰা সংযোজন কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে পূৰ্বে পঞ্চায়তসমূহৰ হাট-বজাৰ-ঘাট আদিত কোনোধৰণৰ নিবিদা আহ্বান কৰিব পৰা ক্ষমতা নাছিল। এইবাৰ ৫ লাখ টকালৈকে পঞ্চায়তসমূহে নিবিদা আহ্বান কৰাৰ সুযোগ লাভ কৰিব পৰাকৈ ব্যৱস্থা ৰখা হৈছে। একেদৰে পূৰ্বতে আঞ্চলিক পঞ্চায়তসমূহে ১ লাখতকৈ অধিক আয়যুক্ত হাট-ঘাটসমূহৰ বন্দোৱস্তিৰ ব্যৱস্থা কৰিছিল যদিও এতিয়া গাঁও পঞ্চায়তে ৫ লাখ টকা পৰ্যন্ত আৰু আঞ্চলিক পঞ্চায়তে ১০ লাখ টকাতকৈ অধিক বার্ষিক মূল্যযুক্ত হাট-ঘাটসমূহ পৰিচালনা কৰি তাৰপৰা লাভ কৰা ৰাজহেৰে উন্নয়নমূলক কাম-কাজ কৰাৰ পথ প্ৰশস্ত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। জিলা পৰিষদে পূৰ্বে সকলো নিবিদা আহ্বান কৰি পঞ্চায়তৰ ক্ষমতা কেন্দ্ৰীভূত কৰি ৰাখিছিল যদিও এইবাৰ বিধানসভাই জিলা পৰিষদক কেৱল ১০ লাখ টকাৰ ওপৰৰ নিবিদা আহ্বানৰ অধিকাৰ প্ৰদান কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক