April 19, 2024 8:16 PM | Rangali Bihu

printer

ৰাজ্যত সাদিনীয়া ৰঙালী বিহুৰ শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে পালন

সাদিনীয়া ৰঙালী বিহুৰ আজি শেষৰ দিনটো চেৰা বা এৰা বিহু হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। এই উপলক্ষে বিভিন্ন স্থানত বিহু ভঙা আৰু পাৰ তোলা উৎসৱৰ আয়োজন কৰা হৈছে। কোনো ঠাইত এই উৎসৱ ভঠেলী নাইবা বাঁহ গোঁসাই উৎসৱ হিচাপেও পালন কৰা হয়। নামনি অসমত আজিৰ দিনটোত সাত বিধ শাক খোৱাৰ পৰম্পৰা নাইবা সাত শাকী পালন কৰা হয়। এই উপলক্ষে বিভিন্ন অঞ্চলত মহিলাসকলে সাত শাকী গীতো পৰিৱেশন কৰে। তদুপৰি চেৰা বিহুৰ পৰম্পৰা অনুসৰি দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লোৱা হয়। এনেদৰে বিচনীৰে জুৰ ল’লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস প্রচলিত আছে। ইপিনে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহুৰ অনুষ্ঠানসমূহ চলি আছে। এই অনুষ্ঠানসমূহত বাৰে-ৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী আৰু জনপ্ৰিয় সংগীত শিল্পীৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। গুৱাহাটীৰ বেলতলা ব’হাগী উৎসৱ সমিতিয়ে আজিৰে পৰা তিনিদিনীয়াকৈ ৪৫ সংখ্যক ব’হাগী উৎসৱৰ আয়োজন কৰিছে। এই উৎসৱত পৰহিলৈ হিন্দী তথা অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেতা জর্জ বেকাৰক ড° ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক