April 9, 2024 12:33 PM | Rangali Bihu

printer

ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী, প্ৰাক ৰঙালীৰ ৰঙেৰে মুখৰ ৰাজ্যৰ চৌদিশ

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰাক ৰঙালীৰ ৰঙেৰে ৰাজ্যৰ চৌদিশ মুখৰ হৈ পৰিছে। ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে বিভিন্ন ঠাইত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। শোণিতপুৰ জিলাৰ গোৰ্খা গাঁও গংগাপুৰত জ্যোতি ভাৰতীৰ উদ্যোগত ৫ দিনীয়াকৈ বিহু কৰ্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত এশতকৈ অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। ইফালে বিগত বৰ্ষৰ দৰে এইবাৰো ৰাজ্য চৰকাৰে ১০ বছৰ পুৰণি দুহেজাৰ ৩০৬ খন বিহু উদযাপন সমিতিক ডেৰ লাখ টকাকৈ অনুদান প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অৱশ্যে নির্বাচনী আচৰনবিধি বলৱৎ হৈ থকা বাবে বিহু সমিতিসমূহক অনুদান মুকলি কৰি দিয়াত সমস্যাৰ সৃষ্টি হোৱাত ৰাজ্য চৰকাৰ নিৰ্বাচন আয়োগৰ কাষ চাপিছিল। শেহতীয়াকৈ নিৰ্বাচন আয়োগে ১৩ বছৰ পুৰণি বিহু সমিতিসমূহক ডেৰ লাখ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰিবলৈ সেউজ সংকেত দিছে। ৰাজ্য চৰকাৰে দুই-এদিনৰ ভিতৰতে সৰ্বমুঠ ৩৫ কোটি টকা ব্যয় সাপেক্ষে বিহু সমিতিসমূহক আর্থিক অনুদান প্রদান কৰিব। চৰকাৰে ২০২২ বৰ্ষত ৰাজ্যৰ এহেজাৰ ২৬৫ খন আৰু ২০২৩ বৰ্ষত দুহেজাৰ ১১৪ খন বিহু সমিতিক অনুদান আগবঢ়াইছিল। এইবাৰ অতিৰিক্ত প্ৰায় ২০০ খন বিহু সমিতিক ৰাজ্য চৰকাৰে অনুদান আগবঢ়াব বুলি জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক