ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি

◊ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুলৈ মাজত আৰু মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰো আয়োজন কৰা হৈছে। হোজাইৰ দক্ষিণ কেন্দুগুৰি বৰনামঘৰৰ খেলপথাৰত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সংঘৰ সৌজন্যত ৮ দিনীয়া কাৰ্যসূচীৰে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। টীয়কৰ ঔগুৰি খেলপথাৰতো ১০ দিনীয়াকৈ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ৰাজ্যৰ কেইবাগৰাকীও অভিজ্ঞ প্রশিক্ষকে বিহু নাচ, ঢোলৰ চাপৰ, সাজপাৰ, বিহুনাম আদি শুদ্ধৰূপত উপস্থাপনৰ প্ৰশিক্ষণ আগবঢ়োৱা এই কর্মশালাত প্রায় দুইশতাধিক ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰিছে। ইপিনে অসম ছাত্ৰ পৰিষদ বোকাখাট সমষ্টি সমিতিৰ উদ্যোগত এইবেলি ১১ দিনীয়াকৈ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানতো বিহুৰ আখৰা চলি আছে। তদুপৰি মঞ্চ বিহু উদযাপনৰ বাবে বিভিন্ন ঠাইত আয়োজক সমিতিসমূহে প্রস্তুতি চলাইছে। ইফালে হেপাহৰ ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ঢোল প্রস্তুতকাৰী কুটীৰ শিল্পীসকলৰ মাজত ব্যস্ততা বৃদ্ধি পাইছে। হাজোৰ পানীপাৰাৰ কেইবাগৰাকীও এনে কুটীৰ শিল্পীয়ে দিনে নিশাই ঢোল প্ৰস্তুত কৰি বজাৰত বিক্ৰীৰ বাবে উলিয়াই দিছে। অঞ্চলটোৰ কূটীৰ শিল্পীসকলে লোকবাদ্য ঢোলক ভৌগোলিক সূচাংকৰ স্বীকৃতি প্ৰদান কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। একেদৰে গোৰেশ্বৰৰ ঢোলৰ বিপণীসমূহতো কাৰিকসকলৰ ব্যস্ততা পৰিলক্ষিত হৈছে। ইপিনে ঠায়ে ঠায়ে ৰঙালী বিহু উপলক্ষে মুকলি কৰা বিপণীসমূহত থলুৱাভাৱে উৎপাদিত হস্ততাঁত সামগ্রি, বিভিন্ন সাজ-পাৰ আৰু সুস্বাদু খাদ্যৰ লগতে বিহু নাচত ব্যৱহৃত লোকবাদ্যসমূহো প্ৰদৰ্শন কৰা হৈছে। ৰঙালী বিহু উপলক্ষে আজিৰে পৰা ৭ এপ্ৰিললৈ কলাক্ষেত্ৰত বসন্ত ২০২৪ শীর্ষক এখন হস্তশিল্প মেলাৰ আয়োজন কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক