April 8, 2024 11:40 AM | Rangali Bihu

printer

ৰঙালী বিহুক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি, বিভিন্ন কৰ্মশালাৰ আয়োজন

হেঁপাহৰ ৰঙালী বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰাক ৰঙালীৰ ৰঙেৰে ৰাজ্যৰ চৌদিশ মুখৰিত হৈ পৰিছে। ৰঙালীক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্রান্তে ব্যাপক প্রস্তুতি চলিছে। ঠায়ে ঠায়ে বিহুৰ আখৰা চলি থকাৰ লগতে বিভিন্ন ঠাইত বিহুনাচ আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে। মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ অধীনৰ চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এই বেলি ৫ দিনীয়াকৈ বিহু কৰ্মশালা অনুষ্ঠিত হৈছে। চৰাইবাহী ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত এই কর্মশালাত প্রায় পাঁচ শতাধিক বিহুৱা আৰু নাচনীয়ে অংশগ্রহণ কৰে। শিৱসাগৰৰ দিখৌমুখ কেন্দ্ৰীয় ৰঙালী বিহুৰ উদ্যোগতো বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ দি থকা হৈছে। ১১ গৰাকী বৰ বিহুৱা আৰু বৰ বিহুৱতীৰ তত্বাৱধানত ২০ দিনীয়াকৈ আয়োজন কৰা এই কৰ্মশালাত ২০০ ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশ লৈছে। ইপিনে অগপৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ বোকাখাত সমষ্টি সমিতিয়ে বোকাখাতত আৰু গোলাঘাট জিলা সমিতিয়ে গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত আয়োজন কৰা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাত কালি মন্ত্ৰী অতুল বৰা উপস্থিত হৈ প্ৰশিক্ষাৰ্থীসকলক উৎসাহ যোগায়। কর্মশালাখনত ৩০০তকৈও অধিক প্রশিক্ষার্থীয়ে অংশগ্রহণ কৰাৰ লগতে সমন্বয় ক্ষেত্ৰত আয়োজিত অনুষ্ঠানটোত পোন্ধৰশতকৈও অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। একেদৰে টিহু হাইস্কুল খেলপথাৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী শাখাই আয়োজন কৰা বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাত কালি মন্ত্ৰী ৰণজিৎ দাস উপস্থিত হৈ অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। ইফালে, গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানতো বিহুৰ আখৰা চলি আছে। তদুপৰি মঞ্চ বিহু উদযাপনৰ বাবে আয়োজক সমিতিসমূহে প্রস্তুতি চলাইছে। পূব গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত চানমাৰি অসম অভিযান্ত্ৰিক খেলপথাৰত ১০ দিনীয়াকৈ বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা অনুষ্ঠিত হৈছে। অহা ১১ এপ্ৰিলত এই কৰ্মশালাৰ সামৰণি পৰিব।

অধিক পঢ়ক

সকলো চাওক