ডাউনলোড
মোবাইল এপ

android apple
signal

July 2, 2024 1:10 PM | Rana pratap

printer

ৰাণা প্রতাপ কলিতাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰৰ সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠন

ভাৰতীয় সৈন্য বাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰে সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগ গঠন কৰিছে। বিত্ত, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিবৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া দেৱেশ্বৰ মালাকাৰ সদস্য হিচাপে থকা এই সমিতিখনত অধ্যাপক মৃণালকান্তি দত্তই বিশেষজ্ঞ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিব। বিত্ত বিভাগৰ বিশেষ সচিবগৰাকী এই সমিতিখনৰ সদস্য সচিব হ’ব। এই আয়োগে ৰাজ্যৰ লগতে পঞ্চায়ত তথা পৌৰ নিকায়সমূহৰ মাজত আৰোপিত আৰু সংগৃহীত কৰ তথা শুল্কৰ বিতৰণ নীতি, আৰ্থিক অৱস্থা উন্নীতকৰণৰ দিশত ল’বলগীয়া ব্যৱস্থাৰ লগতে টনকিয়াল কৰাৰ অৰ্থে ৰাজ্য চৰকাৰে প্ৰদান কৰা মতামত আদিকে ধৰি বিষয়বোৰৰ ভিত্তিত পৰামৰ্শ দাঙি ধৰিব। সপ্তম অসম ৰাজ্যিক বিত্ত আয়োগে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা পৰৱৰ্তী পাঁচ বছৰৰ সময়সীমা সামৰি চলিত বৰ্ষৰ ১৬ ডিচেম্বৰৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিব।

অধিক পঢ়ক

সকলো চাওক