July 23, 2024 7:37 PM | Ramen Baruah

printer

ৰমেন বৰুৱাৰ সন্ধান বিচাৰি মহানগৰ আৰক্ষীৰ ভিন্ন প্রান্তত অভিযান অব্যাহত

যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱাৰ সন্ধান বিচাৰি মহানগৰ আৰক্ষীয়ে ভিন্ন প্রান্তত অভিযান অব্যাহত ৰাখিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পিছফালৰ ব্ৰহ্মপুত্ৰ নৈত এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীয়ে শ্ৰীবৰুৱাৰ সন্ধানত অভিযান চলায়। অৱশ্যে এইপর্যন্ত সংগীত পৰিচালকগৰাকীৰ শুংসূত্ৰ ওলোৱা নাই। উল্লেখযোগ্য যে কালিৰ পৰাই বিশিষ্ট সংগীত পৰিচালকগৰাকী সন্ধানহীন হৈ আছে। ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো বৰুৱাৰ সন্ধান নোলোৱাক লৈ আত্মীয়-স্বজনৰ লগতে শুভাকাংক্ষীসকল উদ্বিগ্ন হৈ পৰিছে ।

অধিক পঢ়ক

সকলো চাওক