ডাউনলোড
মোবাইল এপ

android apple
signal

দেশৰ বিভিন্ন অংশত ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰাম নৱমী পালন

দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় ৰীতি-নীতি আৰু উৎসাহ উদ্দীপনাৰে ৰাম নৱমী পালন কৰা হৈছে। এই উৎসৱ ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ ভগৱান ৰামৰ জন্মদিনৰ সৈতে জড়িত। ৰাম নৱমীৰ পূৰ্বে ৯ দিন উপবাস ৰখা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাম নৱমী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বার্তাযোগে কৈছে, যে ভগৱান ৰামৰ জীৱনে আমাৰ সত্য, ধৰ্ম আৰু ন্যায়ৰ পথ অনুসৰণ কৰাৰ অনুপ্ৰেৰণা দিয়ে ৷ এই উৎসৱে নিষ্ঠা আৰু উৎসৰ্গাৰ মনোভাৱেৰে মানৱ জাতিৰ সেৱাৰ বাৰ্তা কঢ়িয়াই বুলিও ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰকাশ কৰে। তেওঁ কয়, যে এই উৎসৱে জনসাধাৰণক ত্যাগ আৰু নিস্বাৰ্থ প্ৰেমৰ প্ৰমূল্যৰাজি আকোৱালি ল’বলৈ উৎসাহিত কৰে।

অধিক পঢ়ক

সকলো চাওক