প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু ছিংগাপুৰৰ প্ৰতিৰক্ষা মন্ত্ৰী ড০ এন জি ইং হেনে কাইলৈ নতুন দিল্লীত ভাৰত-ছিংগাপুৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ ষষ্ঠলানি বৈঠকত সহঅধ্যক্ষতা কৰিব। দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা আগুৱাই নিয়াৰ উদ্দেশ্যে এই আলোচনা অনুষ্ঠিত হ’ব। আলোচনাত দুয়োপক্ষই পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈও মত বিনিময় কৰিব। ভাৰত আৰু ছিংগাপুৰৰ মাজৰ ব্যাপক কৌশলগত অংশীদাৰিত্ব আছে। এই ক্ষেত্ৰত দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক, এটা গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে বিবেচিত হৈছে। ভাৰতৰ এক্ট ইষ্ট নীতিত ছিংগাপুৰ হৈছে এটা গুৰুত্বপূৰ্ণ স্তম্ভ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ এটা গুৰুত্বপূৰ্ণ অংশীদাৰ। ভাৰত আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ স্থিৰতাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা আৰু সুৰক্ষা অংশীদাৰিত্ব এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে।