আজি ৰাখী বন্ধন। ভাতৃ-ভগ্নীৰ মাজৰ বিশেষ বন্ধনৰ এই উৎসৱ আজি সমগ্ৰ দেশতে পালন কৰা হয়। এই উৎসৱত ভগ্নীসকলে ভাতৃৰ হাতত ৰং-বিৰঙৰ ৰাখী বান্ধি তেওঁলোকৰ সু-স্বাস্থ্য আৰু সমৃদ্ধিৰ হকে প্ৰাৰ্থনা জনায়। ইয়াৰ বিনিময়ত ভাতৃয়ে ভগ্নীৰ সুৰক্ষা আৰু সমৰ্থনৰ শপত লৈ তেওঁলোকক উপহাৰ প্ৰদান কৰে ।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ৰাখী বন্ধন উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে ৷ এটা শুভেচ্ছা বার্তাত ৰাষ্ট্ৰপতিয়ে কয় যে, ৰাখী বন্ধন হৈছে ভাই-ভনীসকলৰ মাজত অনন্য বন্ধনৰ এক উৎসৱ, যি প্ৰেম আৰু পাৰস্পৰিক বিশ্বাসক শক্তিশালী কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে, এই উৎসৱ হৈছে ধৰ্মীয় আৰু সাংস্কৃতিক সীমাৰ ঊৰ্ধ্বত দেশৰ অনৈক্যৰ মাজত ঐক্যৰ প্ৰতীক। তেওঁ লগতে এই উৎসৱে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ সংকল্পক অধিক শক্তিশালী কৰে বুলিও উল্লেখ কৰে।