ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যসভাত কেন্দ্ৰীয় বাজেট আৰু জম্মু-কাশ্মীৰৰ বাজেট সন্দৰ্ভত আলোচনা

ৰাজ্যসভাত কালি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট আৰু ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ বাজেট সন্দৰ্ভত আলোচনা পুনৰ আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ ৰণদীপ সিং সূৰ্যেৱালাই কৃষক, দৰিদ্ৰ আৰু নিবনুৱাৰ সমস্যাৰ বিষয়ে উত্থাপন কৰে। আনহাতে আপৰ ৰাঘব চাড্ডাই অভিযোগ কৰে যে, চৰকাৰে এই বাজেটৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীকে অসন্তুষ্ট কৰিছ। বিজেডি দেৱাশীষ ছামন্ত্ৰে দেশৰ আঞ্চলিক আকাংক্ষা বাজেটত অৱহেলিত হোৱা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ লগতে বাজেটখনে দুখন ৰাজ্যক গুৰুত্ব দিয়াৰ বাদে ওড়িশা, পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যক আওকাণ কৰিছে বুলি অভিযোগ উত্থাপন কৰে। আৰ জে ডিৰ সঞ্জয় যাদৱে বাজেটখনক দৰিদ্ৰ বিৰোধী বুলি অভিহিত কৰিছে। টি এম চিৰ চামিৰুল ইছলামে অভিযোগ কৰে যে, এই বৰ্ষৰ কেন্দ্ৰীয় বাজেট জনবিৰোধী। তেওঁ কয় যে, দেশৰ বিশেষকৈ অসংগঠিত ক্ষেত্ৰত অভাৱগ্রস্তসকলক অৱহেলা কৰা হৈছে। আনহাতে বিজেপি সাংসদ মেধা কুলকার্নীয়ে বাজেটখনক প্ৰশংসা কৰি কয় যে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এই বাজেটৰ জৰিয়তে মহাৰাষ্ট্ৰৰ বাবে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে। ডি এম কেৰ এন ছানমুগম, এ আই এ ডি এম কেৰ ছি ভে শ্বানমগম আৰু কংগ্ৰেছৰ ৰজনী পাৰ্টিলেও এই আলোচনাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত ৰাজ্য সভাত জনসাধাৰণৰ সৈতে জড়িত বিভিন্ন সমস্যা বিশেষভাৱে আলোচনা কৰা হয় আৰু তাৰ পাছতে দিনটোৰ বাবে ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখা হয়।

অধিক পঢ়ক

সকলো চাওক