লোকসভা আৰু ৰাজ্যসভাত আজি কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে এটা বিশেষ সংখ্যালঘু সম্প্ৰদায়ৰ সংৰক্ষণৰ বাবে সংবিধান সংশোধন সন্দৰ্ভত কৰা মন্তব্যক লৈ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজ্যসভা দিনটোৰ বাবে স্থগিত ৰখা হয় আৰু লোকসভা এই বিষয়টোক লৈ দুবাৰ স্থগিত ৰাখিবলগীয়া হয়। দ্বিতীয়বাৰ স্থগিত ৰখাৰ পাছত দিনৰ ২ বাজি ১৫ মিনিটত ৰাজ্যসভা পুনৰ মিলিত হোৱাৰ সময়ত লোকসভাই পাৰিত কৰা তৈলক্ষেত্র সংশোধনী বিধেয়ক ২০২৪ত ৰাজ্যসভাই অনুমোদন জনায়। হুলস্থুলীয়া পৰিস্থিতি অব্যাহত থকাৰ পাছত ৰাজ্যসভা দিনটোৰ বাবে স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে স্থগিত ৰখা ৰাজ্যসভা দিনৰ ২ বজাত প্ৰথমবাৰ মিলিত হোৱাৰ সময়ত ৰাজ্যসভাৰ বিৰোধী নেতা মল্লিকার্জুন খাৰ্গেই কয়, যে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে সংবিধান সংশোধনৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য দিয়া নাছিল যদিও শাসনাধিস্থিত দলৰ নেতাসকলে এই বিষয়টোক বাৰে বাৰে উত্থাপন কৰিছে। তেওঁ কংগ্ৰেছে সংবিধানক সুৰক্ষা প্ৰদান কৰি আছে বুলি মন্তব্য কৰি কয় যে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাসগৃহত নগদ ধন উদ্ধাৰ কৰা ঘটনাটোৰ পাছত ভাৰতীয় জনতা পাৰ্টীয়ে এই বিষয়টো আন দিশলৈ লৈ যোৱাৰ বাবে এই কথা উত্থাপন কৰিছে। ৰাজ্যসভাৰ নেতা জে পি নাড্ডাই শ্রীখাৰ্গেক প্ৰত্যুত্তৰ দি কংগ্ৰেছে সদনত কেতিয়াও সঁচা কথা নকয় বুলি অভিযোগ কৰে। তেওঁ কয়, যে কৰ্ণাটকৰ কংগ্ৰেছ শাসনাধিস্থিত চৰকাৰে ইতিমধ্যে চৰকাৰী কাম-কাজত এটা বিশেষ সম্প্ৰদায়ৰ বাবে ৪ শতাংশ সংৰক্ষণ দিছে। শ্রীনাড্ডাই কয়, যে ড০ বি আৰ আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভ ভাই পেটেলে ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁ লগতে কয়, যে তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ বিপৰীতে গৈ ৰাজ্যখনৰ এটা বিশেষ সংখ্যালঘু সম্প্ৰদায়ৰ বাবে বিশেষ কোটাৰ ব্যৱস্থা কৰিছে। হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশে ২ বাজি ১৫ মিনিটত সদন দিনটোৰ বাবে স্থগিত ঘোষণা কৰে৷ পুৱাৰ ভাগত ৰাজ্যসভা মিলিত হোৱাৰ সময়ত শাসকীয় দলৰ সাংসদসকলে বিষয়টোক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে এটা বিশেষ সংখ্যালঘু সম্প্রদায়ক সংৰক্ষণৰ দিশে আগবঢ়াই নিয়া কংগ্ৰেছে ড০ বি আৰ আম্বেদকাৰক অৱমাননা কৰিছে। তেওঁ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ পদত্যাগ দাবী উত্থাপন কৰে। লোকসভা প্রথম স্থগিতাদেশৰ পাছত দুপৰীয়া ১২ বজাত পুনৰবাৰ মিলিত হোৱাৰ সময়ত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয়, যে ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ প্ৰসংগতো ১৯৪৭ চনতে উত্থাপিত হৈছিল আৰু তেতিয়াৰ প্ৰভাৱশালী নেতাসকলে সেই বিষয়টো অগ্ৰাহ্য কৰিছিল।
Site Admin | March 24, 2025 9:14 PM | rajya-sabha-loka-sabhabill
লোকসভাই পাৰিত কৰা তৈলক্ষেত্র সংশোধনী বিধেয়ক ২০২৪ত ৰাজ্যসভাৰ অনুমোদন
