ৰাজ্যসভাই আজি ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট আৰু ২০২৪-২৫ বৰ্ষৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ বাজেটৰ ওপৰত পুনৰ আলোচনা আৰম্ভ কৰে। আলোচনাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ সুৰেশ সি সূৰ্যেৱালাই কৃষক, দৰিদ্ৰ আৰু নিবনুৱাৰ সমস্যাৰ বিষয়ে উত্থাপন কৰে। তেওঁ কয় যে, বাজেটত কৃষকৰ ঋণ ৰেহাইৰ কোনো ব্যৱস্থা কৰা হোৱা নাই। তেওঁ লগতে কয় যে, চৰকাৰে কৃষকক খাদ্য শস্যৰ ক্ষেত্ৰত পৰ্যাপ্ত এম এচ পি প্ৰদান কৰা নাই। আনহাতে আপৰ ৰাঘব চাড্ডাই অভিযোগ কৰে যে, চৰকাৰে এই বাজেটৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীকে অসন্তুষ্ট কৰিছ। তেওঁ লগতে দাবী কৰে যে, সাধাৰণ জনতাৰ ওপৰত কৰ বোজা বৃদ্ধি পাইছে আৰু গ্ৰাম্য আয়ৰ বৃদ্ধি দশকীয় নিম্নতম স্তৰত আছে। তেওঁ লগতে মুদ্রাস্ফিতি আৰু নিবনুৱা সমস্যাৰ বিষয়েও উত্থাপন কৰে। বিজেডিৰ দেৱাশীষ ছামন্ত্ৰে দেশৰ আঞ্চলিক আকাংক্ষা বাজেটত অবহেলিত হোৱা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ লগতে কয় যে, কেন্দ্রই বাজেটত ওড়িশাক একো প্ৰদান কৰা নাই। শ্ৰী ছামন্ত্রে অভিযোগ তোলে যে, বাজেটখনে দুখন ৰাজ্যক গুৰুত্ব দি ওড়িশা, পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ দৰে ৰাজ্যক আওকান কৰিছে। আৰ জে ডিৰ সঞ্জয় যাদবে বাজেটখনক দৰিদ্ৰ বিৰোধী বুলি অভিহিত কৰিছে। তেওঁ কয় যে, বাজেটখনত নিয়োগ তথা নিয়োগৰ হাৰৰ বিষয়ে উল্লেখ নাই। শ্রী যাদবে দাবী কৰিছে যে বিশ্বৰ পঞ্চম বৃহত্তম অর্থনীতি হোৱাৰ পাছতো ভাৰত জনমূৰি আইৰ ক্ষেত্ৰত ১৯৭ খন দেশৰ ভিতৰত ১৪২ নম্বৰ স্থানত আছে। তেওঁ লগতে অভিযোগ কৰে যে, বাজেটক কৃষকসকলৰ বাবে কোনো সুনির্দিষ্ট ব্যৱস্থা নাই। টি এম চিৰ চামিৰুল ইছলামে অভিযোগ কৰে যে, এই বৰ্ষৰ কেন্দ্ৰীয় বাজেট জনবিৰোধী। তেওঁ কয় যে, দেশৰ বিশেষকৈ অসংগঠিত ক্ষেত্ৰত অভাবগ্রস্তসকলক অবহেলা কৰা হৈছে। আনহাতে বিজেপি সাংসদ মেধা কুলকার্নীয়ে বাজেটখনক প্ৰশংসা কৰি কয় যে, বিত্তমন্ত্রী নির্মলা সীতাৰমনে এই বাজেটৰ জৰিয়তে মহাৰাষ্ট্ৰৰ বাবে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে। নাগপুৰৰ নাগনদী আৰু পুনৰ মুল্টা-মুথা পৰিষ্কাৰ কৰাৰ বাবে বাজেটৰ ব্যৱস্থাসমূহ আঙুলিয়াই দি তেওঁ কয় যে, ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰীয়ে গংগা নদীৰ লগতে অন্যান্য নদীৰ বাবেও ব্যৱস্থা কৰিছে। ডি এম কেৰ এন ছানমুগম, এ আই এ ডি এম কেৰ ছি ভে শ্বানমগম আৰু কংগ্ৰেছৰ ৰজনী পাৰ্টিলেও এই আলোচনাত অংশগ্ৰহণ কৰে ৷
Site Admin | July 25, 2024 8:11 PM | Rajya Sabha