প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লাওছৰ ৰাজধানী ভিয়েনটিয়ানত জাপানৰ প্ৰতিৰক্ষা মন্ত্রী জেনেৰেল নিকাটানিক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রী সিঙে কয়, যে জেনেৰেল নিকাটানিৰ সৈতে তেওঁ এটা ফলপ্রসূ আলোচনাত মিলিত হয়। শ্রী সিঙে দুয়োখন দেশৰ মাজৰ অংশীদাৰিত্বই মুক্ত আৰু নিয়ম আধাৰিত ভাৰত-প্রশান্ত মহাসাগৰীয় খণ্ড সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা ব্যক্ত কৰে। শ্ৰী সিঙে লগতে ফিলিপিন্ছৰ প্ৰতিৰক্ষা সচিব গিলবার্টো টেওডুবোকো সাক্ষাৎ কৰে। তেওঁ কয়, যে এক্ট-ইষ্ট নীতি আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় দৰ্শনৰ ফিলিপিন্ছ হৈছে গুৰুত্বপূৰ্ণ অংশীদাৰ। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে দেশখনৰ সৈতে প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী তথা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ভাৰত বদ্ধপৰিকৰ বুলি মন্তব্য কৰে।
Site Admin | November 22, 2024 5:48 PM | Rajnath Singh