October 24, 2024 12:35 PM | Rajnath Singh

printer

নতুন দিল্লীত চাণক্য প্ৰতিৰক্ষা আলোচনা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ দ্বিতীয় সংস্কৰণ মুকলি ৰাজনাথ সিঙৰ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীত চাণক্য প্ৰতিৰক্ষা আলোচনা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিব। মন্ত্ৰীগৰাকীয়ে এই আলোচনাচক্ৰত ভাৰতীয় সেনাৰ সেউজ উদ্যম আৰু আই এৰ ডিজিটেলকৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰিব। শ্রীসিঙে লগতে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্য উপনীত হোৱাৰ ক্ষেত্ৰত সৰ্বাত্মক সুৰক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি উন্নয়ন আৰু সুৰক্ষাৰ বাবে ভাৰতৰ দৃষ্টিভংগী সন্দৰ্ভত মূল ভাষণ প্ৰদান কৰিব। স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সেনাবাহিনীৰ গুৰুত্বপূৰ্ণ অৱদান সন্দৰ্ভত শ্ৰোতাসকলক সম্বোধন কৰিব। এই দুদিনীয়া আলোচনাচক্ৰত নীতি প্রণেতা, কৌশল সম্পৰ্কীয় চিন্তাবিদ, শিক্ষাবিদ, প্ৰতিৰক্ষা কৰ্মী আৰু  বিজ্ঞানীসকলে অংশগ্রহণ কৰিব। ইয়াৰ উপৰি আমেৰিকা, ৰাছিয়া, ইজৰাইল আৰু শ্ৰীলংকাৰ বিশিষ্ট বক্তাই আলোচনাচক্ৰত ভাগ লব।

অধিক পঢ়ক

সকলো চাওক