October 1, 2024 8:30 PM | Rajnath Singh

printer

ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা ৭ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ বায়ুবীৰ বিজেতা কাৰ ৰেলী মুকলি

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা ৭ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ বায়ুবীৰ বিজেতা কাৰ ৰেলী মুকলি কৰে। এই কাৰ ৰেলী প্রথমে লাডাখৰ থৈছেত উপস্থিত হব। তাৰ পিছত ভাৰতীয় বায়ু সেনাৰ ৯২ সংখ্যক জয়ন্তী উপলক্ষে চলিত মাহৰ ৮ তাৰিখে আনুষ্ঠানিকভাৱে এই কাৰ ৰেলী অৰুণাচলৰ টাৱাঙলৈ প্লেগ অফ কৰা হ’ব। অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, বায়ু বীৰ বিজেতা কাৰ ৰেলীৰ দ্বাৰা যুৱক-যুৱতীসকল অনুপ্রাণিত হ’ব আৰু বায়ু সেনাৰ বিষয়ে সজাগতা আৰু জ্ঞান বৃদ্ধি কৰিব। তেওঁ কয় যে, বায়ু সেনাৰ বিষয়াসকলে ৰাস্তাত ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰিব যিয়ে সশস্ত্র বাহিনীৰ প্ৰতি সন্মান আৰু মৰম অধিক বৃদ্ধি কৰিব। শ্রীসিঙে যুৱক-যুৱতীসকলক সশস্ত্র বাহিনীৰ অংশ হৈ নিজৰ প্ৰতিভাক সঠিকভাৱে ব্যৱহাৰ কৰি সন্মান, গৌৰৱ আৰু দেশপ্ৰেমেৰে জীৱন-যাপন কৰিবলৈ আহ্বান জনায়। এই বায়ু বীৰ বিজেতা কাৰ ৰেলী হৈছে ভাৰতীয় বায়ু সেনাৰ ৯২ বছৰীয়া যাত্ৰাৰ ইতিহাসৰ এটা প্ৰতীক । সাগৰপৃষ্ঠৰ পৰা ৩ হাজাৰ ৬৮ মিটাৰ উচ্চতাত থকা লাডাখৰ থৈছেৰ পৰা এই কাৰ ৰেলীৰ ফ্লেগ অফ কৰা হব। ২২ দিন ধৰি চলিবলগীয়া এই কাৰ ৰেলী ২৯ অক্টোবৰত অৰুণাচলৰ টাৱাঙত অন্ত পৰিব। এই বৃহৎকাৰ ৰেলীত মহিলাসহ ৫২ গৰাকী বায়ু সেনা যোদ্ধা আৰু প্ৰাক্তন বায়ু সেনাৰ মুৰববীয়ে অংশগ্ৰহণ কৰিছে। লেহ, কাৰ্গিল, শ্ৰীনগৰ, জম্মু, চণ্ডিগড়, দেৰাডুন, আগ্রা, গোৰখপুৰ, দাভাংগা আৰু গুৱাহাটীকে ধৰি মুঠতে ৪ টা ঠাইত যুদ্ধবীৰসকলে ৰৈ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰিব। ৰাইজৰ মাজত ভাৰতীয় বায়ু সেনাৰ গৌৰৱময় ইতিহাসৰ বিষয়ে সজাগ কৰাই এই কাৰ ৰেলীৰ মুখ্য উদ্দেশ্য।

অধিক পঢ়ক

সকলো চাওক