ডাউনলোড
মোবাইল এপ

android apple
signal

April 28, 2025 12:39 PM | Rajnath Singh

printer

সামৰিক প্ৰস্তুতিৰ সন্দৰ্ভত অনিল চৌহানৰ সৈতে ৰাজনাথ সিঙৰ বৈঠক

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি দিল্লীৰ তেওঁৰ বাসগৃত পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত সামৰিক প্ৰস্তুতিৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ বিষয়সমূহ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানৰ সৈতে এখন বৈঠকত মিলিত হয়। প্রায় ৪০ মিনিটজোৰা চলা এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক শ্রীচৌহানে সেনাৰ ৰণনীতি আৰু প্ৰস্তুতিৰ বিষয়ে অৱগত কৰে। সীমান্ত সুৰক্ষা বাহিনী বিষয়াসকলেও কালি এই বৈঠকত উপস্থিত থাকি প্ৰতিৰক্ষা সহযোগিতাৰ বিভিন্ন দিশসমূহৰ বিষয়ে আলোচনা কৰে। সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালকপ্ৰধান দলজিৎ সিং চৌধাৰীও কালি গৃহমন্ত্ৰ্যালয়লৈ যায়। ইফালে ভাৰতীয় নৌসেনা বাহিনীয়ে কালি সফলতাৰে জাহাজ-প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ অনুশীলনো সম্পন্ন কৰি দেশৰ সামুদ্রিক সুৰক্ষাৰ ক্ষেত্ৰত ই সম্পূৰ্ণৰূপে সাজু বুলি কয়। নৌসেনাই চলোৱা এই জাহাজ প্ৰতিৰোধী অনুশীলনে দীর্ঘ দূৰত্বৰ আক্ৰমণ চলোৱাৰ বাবে প্রস্তুতি চলাই আছে।

অধিক পঢ়ক

সকলো চাওক