May 10, 2024 12:06 PM | RAJNATH SING

printer

বিজেপিয়ে সমৃদ্ধিশালী, জ্ঞান-বিজ্ঞান আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত বিশ্বক নেতৃত্ব দিব পৰা ভাৰত গঢ়ি তুলিব বিচাৰেঃ ৰাজনাথ সিং

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি কয় যে, বিজেপিয়ে সমৃদ্ধিশালী তথা জ্ঞান, বিজ্ঞান আৰু আধ্যাত্মিকতাৰ ক্ষেত্ৰত গোটেই বিশ্বক নেতৃত্ব প্ৰদান কৰিব পৰা ভাৰত গঢ়ি তুলিব বিচাৰে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ সংসদীয় সমষ্টিৰ বিজেপি প্রার্থী শ্রীসিঙে কয় যে, কথা আৰু কামৰ মাজৰ প্ৰভেদৰ বাবেই ৰাজনৈতিক নেতাসকলৰ প্ৰতি স্বতন্ত্ৰ ভাৰতত আস্থাৰ সংকট উদ্ভৱ হৈছে। লক্ষ্ণৌৰ বৰ্তমানৰ সাংসদগৰাকীয়ে লগতে কয় যে, জনসাধাৰণৰ মাজত দায়িত্ববোধ গঢ়ি উঠিলেহে ভাৰতত ৰাম ৰাজ্য আৰম্ভ হ’ব। নিজকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী স্বেচ্ছাসেৱক বুলি অভিহিত কৰি শ্রীসিঙে কয় যে, সংঘই কেতিয়াও হিন্দু-মুছলিম ধৰ্মৰ কথা নকয়। বিজেপিয়ে ভাৰত গঢ়াৰ বাবেহে ৰাজনীতি কৰে বুলিও তেওঁ মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, বিজেপি চৰকাৰে ভেদাভেদ নকৰাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ, বাসগৃহ, নলযোগে খোৱাপানীৰ দৰে বিভিন্ন আঁচনিৰ সুবিধা প্ৰদান কৰিছে। প্ৰতিৰক্ষা আহিলাপাতিৰ নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ’বলৈ ধৰা দেশখনৰ পৰা সন্ত্ৰাসবাদ পুলিয়ে-পোখাই উৎখাত হোৱা বুলিও তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক