ডাউনলোড
মোবাইল এপ

android apple
signal

June 3, 2024 6:50 PM | CEC Briefing

printer

৬৪২ নিযুত ভোটাৰে লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি ৰাজীৱ কুমাৰৰ প্ৰকাশ

লোকসভা নিৰ্বাচনত কাইলৈ হ’বলগীয়া ভোটগণনাৰ বাবে সমগ্ৰ দেশজুৰি প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি এখন সংবাদমেলত এইবিষয়ে প্রকাশ কৰি কয় যে শক্তিশালী নিৰাপত্তা ব্যৱস্থাৰ মাজত আৰু স্বচ্ছতা বজাই ৰাখি কাইলৈ এই ভোটগণনা সম্পন্ন হ’ব। মুখ্য নির্বাচনী আয়ুক্তগৰাকীয়ে লগতে ৰিটার্নিং বিষয়াৰ টেবলত গণনাকাৰী এজেন্টসকলক উপস্থিত থাকিবলৈ অনুমতি দিয়া নহয় বুলি একাংশ সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ সত্যতা অস্বীকাৰ কৰে। তেওঁ কয় যে এজেন্টসকলকো অনুমতি প্ৰদান কৰা হৈছে। তদুপৰি নিৰ্বাচন আয়োগৰ ৱেবছাইটত ভোটগণনা প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় নথিসমূহ লাভ কৰিব পৰা যাব বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত ৬৪ কোটি ২০ লাখৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰি অভিলেখ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে। নতুন দিল্লীত আজি অনুষ্ঠিত এখন সংবাদমেলত মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে লগতে কয় যে এইবাৰৰ নিৰ্বাচনত ৩১ কোটি ২০ লাখৰো অধিক মহিলা ভোটদাতাই নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰে আৰু এই সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক। তেওঁ কয় যে এইবাৰ মাত্ৰ ৩৯ টা ভোটগ্রহণ কেন্দ্ৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়। ইয়াৰ আগেয়ে ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ ৫৪০টা কেন্দ্ৰত পুনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছিল। তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত ঝাৰখণ্ড, চট্টিশগড়, ওড়িশা, মহাৰাষ্ট্ৰৰ লগতে পশ্চিমবংগ, মণিপুৰ আৰু জম্মু- কাশ্মীৰত কোনো গুৰুতৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই। নির্বাচনী আচৰণ বিধি উলংঘাৰ সৈতে জড়িত ৪৯৫টা অভিযোগৰ ভিতৰত ৯০ শতাংশতকৈও অধিক নিষ্পত্তি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। চি ভিজিল এপ যোগে নির্বাচনী আচৰণবিধি উলংঘাৰ ৪ লাখ ৩৬ হাজাৰটা অভিযোগ লাভ কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে। শ্ৰী কুমাৰে ভোটদাতাসকলক নির্বাচনী প্ৰক্ৰিয়াত সক্রিয় অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ভোটদাতাসকলহে প্রকৃত বিজয়ী বুলি মন্তব্য কৰে ।

অধিক পঢ়ক

সকলো চাওক