ডাউনলোড
মোবাইল এপ

android apple
signal

March 6, 2025 6:57 PM | #rajsthan

printer

ৰাজস্থানৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৬ জন সদস্যৰ মৃত্যু

ৰাজস্থানৰ চিৰহী জিলাৰ আবু ৰোড চাদাৰ আৰক্ষী থানাৰ অন্তৰ্গত কিৱাৰলি অঞ্চলৰ সমীপৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে ছজন সদস্যৰ মৃত্যু হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী মহিলাক চিৰ’হী হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি পুৱতি নিশা প্রায় ৩ বজাত আহমেদাবাদৰ পৰা জাল’ৰ অভিমুখে গৈ থকা এখন বাহনে এখন ট্ৰেইলাৰত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুর্ঘটনাটোত ৪ জন লোক থিতাতে নিহত হয় আৰু গুৰুতৰ ভাৱে আহত আন ৩ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও ইয়াৰে দুজন লোকৰ মৃত্যু হয়। নিহত লোককেইজন জাল’ৰ জিলাৰ আবাসী বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

ইপিনে, পাঞ্জাৱৰ বাটালাত যোৱানিশা সংঘটিত আন এটা পথ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ৫ জন লোক আহত হয়। বাটালাৰ আৰক্ষী উপ-অধীক্ষক হৰকৃষ্ণনে প্ৰকাশ কৰা মতে দুখন বাহন আৰু এখন ট্রেক্টৰ টুলীয়ে মুখামুখিকৈ খুন্দা মৰাৰ ফলত এই দুর্ঘটনা সংঘটিত হয়। আহতসকলক নিকটৱৰ্তী চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে। ইয়াৰ এজনৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক