ৰাজস্থানৰ জয়পুৰ-আজমেৰ ৰাষ্ট্ৰীয় ঘাইপথত গেছ পৰিবাহী টেংকাৰত হোৱা অগ্নিকাণ্ডত নিহত লোকৰ সংখ্যা ১৪লৈ বৃদ্ধি পাইছে। এই দুৰ্ঘটনাত আঘাতপ্রাপ্ত ২৭ জন লোকৰ চিকিৎসা জয়পুৰৰ এছ এম এছ চিকিৎসালয়ত চলি আছে। আহত লোকসকলৰ মাজৰ কেইবাগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। চিকিৎসালয়খনৰ অধীক্ষক ডº সুশীল ভাটিয়ে জনোৱা মতে ইয়াৰে ছজন লোকক ভেণ্টিলেটৰত ৰখা হৈছে। জয়পুৰৰ জিলা সংগ্ৰাহক জিতেন্দ্ৰ কুমাৰ ছ‘নিয়ে এই ঘটনাৰ তদন্তৰ বাবে এখন ফুটিয়া তদন্তকাৰী সমিতি গঠন কৰা হৈছে বুলি প্ৰকাশ কৰে। এই সমিতিখনে ঘটনাৰ সবিশেষ তদন্ত কৰি তথ্য দাখিল কৰিব।
আমাৰ আগৰ বাতৰিতে জনোৱা হৈছে যে ভানক্ৰ‘টা অঞ্চলৰ জয়পুৰ আজমিৰ ঘাই পথত কালি পুৱা এখন গেছ পৰিবাহী টেংকাৰে ৰিং ৰোডৰ সমীপৰ এখন ট্রাকত খুন্দিওৱাৰ পাছত ওচৰৰ কেইবাখনো বাহনত জুই লগাৰ ফলত এই ঘটনাটো ঘটে। এই অগ্নিকাণ্ডত ৪০খন বাহন ধ্বংস হোৱাৰ লগতে ঘাই পথৰ কাষতে থকা এটা পাইপ ফেক্টৰী জুইত জাহ যায়। অঞ্চটোত চাৰিওফালে গেছ বিয়পি পৰাৰ ফলত উদ্ধাৰ অভিযান অতি জটিল হৈ পৰে । ইতিমধ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাত নিহত লোকসকলৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ।