ডাউনলোড
মোবাইল এপ

android apple
signal

মহাকুম্ভমেলাৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ অৰ্থে ৪খন নতুন বিশেষ ৰে’লৰ চলাচলৰ ব্যৱস্থা

যাত্ৰীসকলৰ সুবিধাৰ অৰ্থে মহাকুম্ভ মেলাৰ সময়ত উত্তৰ ৰে’লৱে অতিৰিক্ত ভিৰ দূৰ কৰিবলৈ কালি ৪ খন নতুন বিশেষ যাত্ৰীবাহী ৰে’লৰ চলাচলৰ ব্যৱস্থা কৰে। উত্তৰ ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিমাংশু শেষৰ উপাধ্যায়ে জনায় যে ৪ খন ৰে’লৰ ভিতৰত এখন ৰে’ল আনন্দ বিহাৰ ৰে’লৱে ষ্টেচনৰ পৰা আৰু বাকী তিনিখন নতুন দিল্লী ৰে’ল ষ্টেচনৰ পৰা চলি আছে। তেওঁ লগতে কয়, যে এই ৰে’লসমূহৰ যাত্ৰাৰ সময় দৈনিক বিয়লি ৩ বজাৰ পৰা নিশা ৯ বজাৰ ভিতৰত নিৰ্ধাৰণ কৰা হৈছে। আজিৰ পৰা মহাকুম্ভৰ যাত্ৰীসকলৰ সুবিধাৰ অৰ্থে আৰু ৫ খন বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হৈছে। নতুন দিল্লী ৰে’লৱে ষ্টেচনৰ পৰা প্ৰয়াগৰাজ জংচনলৈ ৰে’ল নম্বৰ- ০৪৪২০, ০৪৪২২ আৰু ০৪৪১৮ নম্বৰৰ লগতে ০৪৪২৪ নম্বৰ ৰে’লখন আনন্দ বিহাৰ ৰে’লৱে ষ্টেচনৰ পৰা প্ৰয়াগৰাজ জংচনলৈ যাতায়াত কৰিছে।

অধিক পঢ়ক

সকলো চাওক