কাউৰাপেট্টাইত সংঘটিত ৰে’ল দূৰ্ঘটনাৰ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

দক্ষিণ ৰে’লৱেৰ চেন্নাই সংমণ্ডলৰ গুন্মীডিপুণ্ডিৰ সমীপৰ কাউৰাপেট্টাইত যোৱানিশা সংঘটিত ৰে’ল দূৰ্ঘটনাটোৰ সন্দৰ্ভত এটা উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ঘটনাটোত সামগ্ৰী কঢ়িওৱা ৰে’লৰ খুন্দাত মহিশূৰ-দ্বাৰভাংগা বাগমতি এক্সপ্ৰেছ ৰে’লগাড়ীখন ৰে’ল লাইনৰ পৰা আঁতৰি পৰে। ইয়াৰ ফলত কমেও ১২টাৰ পৰা ১৩টা ডবা লাইনচ্যুত হয়। এই ঘটনাত হতাহতৰ কোনো খবৰ অহা নাই যদিও কেইবাজনো লোক আহত হৈছে। আহত লোকসকলক ওচৰৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। উচ্চ পৰ্যায়ৰ কমিটীৰ তদন্তৰ ফলাফলৰ পাছতেই দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি দক্ষিণ ৰে’লৱেৰ মহাপ্ৰৱন্ধকগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে, বৰ্তমান ৰে’লপথচোৱাৰ মেৰামতিৰ কাম পূর্ণগতিত চলি আছে আৰু ইয়াৰ বাবে ১০ ঘণ্টাতকৈও অধিক সময়ৰ প্ৰয়োজন হ’ব।

অধিক পঢ়ক

সকলো চাওক