জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিবনুৱা সমস্যা আৰু কৃষকৰ বাবে উৎপাদিত শস্যৰ ন্যূনতম সমর্থন মূল্যৰ সন্দৰ্ভত বিজেপিক সমালোচনা কৰিছে। আজি হাৰিয়ানাৰ কৰ্ণাল জিলাৰ আচ্ছান্ধ বিধানসভা সমষ্টিত আয়োজিত কংগ্ৰেছৰ বিজয় সংকল্প শোভাযাত্ৰাত শ্ৰী গান্ধীয়ে ৰাজ্যখনৰ যুৱক-যুৱতীসকলে কর্মসংস্থাপনহীনতাৰ ফলত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰে। আনহাতে ন্যূনতম সমর্থন মূল্য সন্দৰ্ভত তেওঁ কয় যে, বিজেপি চৰকাৰে কৃষকসকলক ঋণ ৰেহাইৰ সকাহ প্ৰদান কৰাত ব্যৰ্থ হৈছে। কংগ্ৰেছ দলৰ নিৰ্বাচনী ইস্তাহাৰৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰী গান্ধীয়ে কয় যে, ক্ষমতালৈ আহিলে কংগ্ৰেছে হাৰিয়ানাত ৩০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ আৰু মহিলাসকলক দুহেজাৰ টকাকৈ পেন্সন প্ৰদান কৰিব। আজিৰ নিৰ্বাচনী সভাত হাৰিয়ানা কংগ্ৰেছৰ মুৰব্বী উদয় ভান, হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদা, কংগ্ৰেছৰ সাংসদ কুমাৰী ছেলজা আৰু আন কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে।
Site Admin | September 26, 2024 9:15 PM | Rahul Gandhi to Kick Off Haryana Assembly Poll Campaign with Rallies in Karnal and Hisar