ডাউনলোড
মোবাইল এপ

android apple
signal

বিৰোধী নেতা ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণ, ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিত ক্ষতিগ্ৰস্ত হৈ শিবিৰত থকা লোকৰ সৈতে বাৰ্তালাপ

বিৰোধী নেতা ৰাহুল গান্ধীয়ে কালি এদিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰে। তেওঁ ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত হৈ বিভিন্ন শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰে।

ইম্ফলত কালি সন্ধিয়া সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কংগ্ৰেছ নেতাগৰাকীয়ে মণিপুৰৰ জনসাধাৰণক হিংসাৰ বাট পৰিহাৰ কৰি একেলগে শান্তিপূর্ণভাৱে জীয়াই থাকিবলৈ আহ্বান জনায়। মণিপুৰ ভ্ৰমণ ৰাজনৈতিক উদ্দেশ্য প্রণোদিত নহয় বুলি উল্লেখ কৰি শ্ৰী গান্ধীয়ে কয় যে, তেওঁ ক্ষতিগ্রস্ত লোকসকলৰ দুখৰ বুজ ল’বৰ বাবেহে ৰাজ্যখনলৈ গৈছে। তেওঁ লগতে ৰাজ্যখনত চলি থকা হিংসাত্মক পৰিস্থিতিৰ শান্তিপূর্ণ সমাধানৰ বাবেও প্রচেষ্টা চলাব বুলি উল্লেখ কৰে। ভ্ৰমণকালত শ্ৰী গান্ধীয়ে ৰাজ্যখনৰ ৰাজ্যপাল সুশ্ৰী অনুসুয়া উইকিকো সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। আলোচনাকালত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ বিধায়িনী দলৰ মুৰব্বী ও ইববি সিং, ৰাজ্যখনৰ কংগ্ৰেছ কমিটীৰ সভাপতি কে মেঘচন্দ্ৰ, কংগ্ৰেছৰ সাংসদবৰ্গ তথা ৰাজ্যখনৰ ৰাজ্যিক সুৰক্ষা উপদেষ্টাও উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক