July 8, 2024 8:21 PM | Rahul Gandhi

printer

ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক সম্ভৱপৰ সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ আহ্বান ৰাহুল গান্ধীৰ

ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ কংগ্ৰেছ সাংসদ তথা বিৰোধীৰ দলপতি ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক সম্ভৱপৰ সকলো ধৰণৰ সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। সাংসদগৰাকীয়ে আজি কাছাৰ জিলাৰ ফুলেৰতলৰ বান শিবিৰ পৰ্যৱেক্ষণ কৰি বন্যাৰ্তসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এটা প্রতিনিধি দলে ৰাজ্যৰ বান সমস্যা সন্দৰ্ভত সাংসদগৰাকীক এখন স্মৰাকপত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰখনত বানৰ ভয়াবহ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি বন্যার্তসকলে সন্মুখীন হোৱা পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰা হৈছে। লগতে কেন্দ্ৰৰ পৰা লাভ কৰা সাহায্য সন্দৰ্ভতো প্রতিনিধি দলটোৱে পত্ৰখনত গুৰুত্ব আৰোপ কৰে। বান শিবিৰ পৰ্যৱেক্ষণৰ অন্তত তেওঁ মণিপুৰত উপস্থিত হয়। সাংসদগৰাকীয়ে জিৰিবামত হিংসাৰ বলি হোৱা একাংশ লোকৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পিছত তেওঁ চূড়াচান্দপুৰলৈ গৈ আশ্রয় শিবিৰ পৰিদৰ্শন কৰে।

অধিক পঢ়ক

সকলো চাওক