June 19, 2024 12:47 PM | Rahul Gandhi

printer

ৰাহুল গান্ধীৰ কেৰালাৰ ৱায়নাড লোকসভা আসন ত্যাগ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেৰালাৰ ৱায়নাড লোকসভা আসন ত্যাগ কৰিছে। শ্রীগান্ধী পদত্যাগ পত্র লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি গ্ৰহণ কৰে । কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খার্গেই কালি কৈছিল যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰায়বেৰেলি আসনখন নিজৰ হাতত ৰাখিব আৰু ৱায়নাড আসনখন ত্যাগ কৰিব। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীখাৰ্গেই কৈছিল যে প্রিয়ংকা গান্ধী ৱাদ্রাই কেৰালাৰ ৱায়নাড সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক