ডাউনলোড
মোবাইল এপ

android apple
signal

জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলজীৱন মিছনৰ বিষয়া আৰু কেইবাখনো জিলাৰ আয়ুক্তৰ সৈতে ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাৰ পৰ্যালোচনা সভা

ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই জনস্বাস্থ্য কাৰিকৰী বিভাগ, জলজীৱন মিছনৰ বিষয়াসকল আৰু কেইবাখনো জিলাৰ আয়ুক্তৰ উপস্থিতিত অসমত জলজীৱন মিছন আৰু ইয়াৰ লগত সম্পৰ্ক থকা নলীযুক্ত পানীযোগান আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে পর্যালোচনা কৰে। কালি অনুষ্ঠিত পর্যালোচনা বৈঠকত প্রকাশ পোৱা মতে বৰ্তমানলৈকে ১৪ হাজাৰ ১৫১খন নলীযুক্ত পানীযোগান আঁচনি সম্পূৰ্ণ কৰা হৈছে আৰু এই আঁচনিসমূহৰ ভিতৰত ১২ হাজাৰ ১০৯ আঁচনি কার্যক্ষম কৰি তুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ হাতত পৰিচালনা কৰিবৰ বাবে গতাই দিয়া হৈছে। জলজীৱন আঁচনি ঘোষণাৰ পূৰ্বে ৰাজ্যত গ্ৰামাঞ্চলৰ কেৱল ১ দশমিক ৬ শতাংশ পৰিয়ালেহে খোৱাপানীৰ সুবিধা লাভ কৰাৰ বিপৰীতে বর্তমান ৭৯ শতাংশ পৰিয়ালে এই সুবিধা লাভ কৰিছে। পর্যালোচনা বৈঠকত এই ক্ষেত্ৰত ধীৰ গতিৰে আগবঢ়া জিলাসমূহে চলিত বিত্তীয় বৰ্ষত আঁচনিখন সম্পূৰ্ণ কৰাৰ আশ্বাস দিয়ে। উল্লেখযোগ্য যে মুখ্য সচিবে আঁচনি ৰূপায়ণৰ লগত জড়িত ঠিকাদাৰসকলৰ কাম নিম্নমানৰ হ’লে তেওঁলোকৰ বিৰুদ্ধে যথোচিত কাৰ্যব্যৱস্থা হাতত ল’বলৈ বিষয়াসকলক নির্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক