ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাই আজি ২৭ অক্টোবৰত হ‘বলগীয়া অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ অন্তিম পর্যায় সন্দৰ্ভত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ‘ কনফাৰেন্সিং ব্যৱস্থাৰে আলোচনাত মিলিত হয়। ২৭ অক্টোবৰত পুৱা চাৰে ৯ বজাৰ পৰা চাৰে ১১ বজালৈ এহেজাৰ ৪৮৪টা আৰু দিনৰ ডেৰ বজাৰ পৰা বিয়লি ৪ বজালৈ ৮০৮টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ‘ব। এই পৰীক্ষাত মুঠ ৮ লাখ ২৭ হাজাৰ ১৩০ গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ‘ব। চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। কোকৰাঝাৰ জিলা প্ৰশাসনে এই পৰীক্ষাৰ বাবে কেইবাটাও নিৰ্দেশনা জাৰি কৰে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত পৰীক্ষাৰ দিনটো জিলাখনৰ বজাৰসমূহ বন্ধ ৰাখিবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিছে। একেদৰে শোণিতপুৰ জিলা প্ৰশাসনেও সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰি নিৰ্দেশনা জাৰি কৰিছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ পৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষাৰ কর্তব্যত নিয়োজিত কৰ্মচাৰীৰ বাহিৰে অন্য লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জিলা প্ৰশাসনে এই সময়ছোৱাত পৰীক্ষা কেন্দ্ৰৰ চৌহদত মোবাইল, কেলকুলেটৰ আদিৰ ব্যৱহাৰ তথা পৰীক্ষা কেন্দ্ৰৰ কাষত বাহন পার্কিং আৰু খাদ্যৰ দোকান খোলাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলা প্ৰশাসনৰ এই নিৰ্দেশনা ২৭ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰীক্ষা সমাপ্তি নোহোৱালৈকে বলৱৎ থাকিব।
Site Admin | October 22, 2024 6:01 PM | rabi kota meeting