অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ অন্তিম দিনটোত ভালেসংখ্যক প্রার্থীয়ে তেওঁলোকৰ মনোনয়ন পত্র দাখিল কৰে। পৰিষদৰ অন্তৰ্গত মুঠ ৩৬টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাত ২০টা আৰু কামৰূপ জিলাত থকা ১৬টা সমষ্টি আছে। গোৱালপাৰা জিলাৰ ২০টা সমষ্টিৰ মনোনয়ন পত্ৰ বিতৰণ আৰু গ্ৰহণৰ বাবে জিলাখনৰ প্ৰশাসনে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই ২০টা পৰিষদীয় সমষ্টিৰ বাবে দলীয় আৰু নির্দলীয় যথেষ্টসংখ্যক প্রার্থীয়ে বিয়লি ৩ বজালৈকে মনোনয়ন পত্র দাখিল কৰে। ইয়াৰ ভিতৰত অন্যতম ৰাভা-হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাও আছে। তেওঁ ৭ নম্বৰ দক্ষিণ দুধনৈ সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰে।
কামৰূপ জিলাৰ ১৬টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলে সংশ্লিষ্ট সহকাৰী ৰিটার্নিং বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্ৰসমূহ দাখিল কৰে। এইবেলি ৰাভা-হাছং পৰিষদীয় নির্বাচনত ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপিৰ দলে পূৰ্বৰ মিত্ৰতা অক্ষুণ্ণ ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। সেয়েহে ৩৬টা পৰিষদীয় সমষ্টিৰ ভিতৰত ৩০টাত ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতি আৰু ৬টাত বিজেপি দলে প্রার্থী দিয়ে। ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক টংকেশ্বৰ ৰাভাৰ নেতৃত্বত দুয়োটা দলৰ প্ৰাৰ্থীসকলে গোৱালপাৰা চহৰৰ বিহু খেলপথাৰৰ পৰা সমদল কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন পত্র দাখিল কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু সাংসদ বিজুলী কলিতা মেধিও সমদলত সংগ দিয়ে। অহা ১৭ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰি বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ কৰা হ’ব। ১৯ মাৰ্চৰ বিয়লি ৩ বজালৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু সেইদিনাই বিয়লি নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। অহা ২ এপ্ৰিলত নির্বাচন অনুষ্ঠিত কৰি ৪ এপ্ৰিলৰ দিনা ভোটগণনাৰ জৰিয়তে ফলাফল ঘোষণা কৰা হ’ব।