ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ’বলগীয়া ৩৩ টা সমষ্টিৰ বাবে বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ দলে ঐক্যবদ্ধভাৱে প্ৰচাৰ অভিযান চলাই আছে। জ্যেষ্ঠ বিজেপি নেতা তথা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গোৱালপাৰা জিলাৰ পূব অজগৰ সমষ্টিৰ ৰংচাইত বিজেপি সমর্থিত ৰাভা-হাছং যৌথ সংগ্রাম সমিতিৰ প্ৰাৰ্থী ভুলাইবালা ৰাভাৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। ডাঃ পেগুৱে তেওঁৰ ভাষণত অহা এপ্ৰিলৰ পৰাই ৰাভা-হাছং এলেকাত ১০৬খন ৰাভা মাধ্যমৰ বিদ্যালয় গঠনৰ কাম আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে। ইয়াৰ পাছত তেওঁ জিলাখনৰ বান্দৰশ্ৰী সমষ্টিৰ হাবাংগিৰী খেলপথাৰ আৰু ধুপধৰা সমষ্টিৰ দীঘলী ছনজাৰ ক্লাবত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ ল’ব ।
পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাৰ ১৪টা সমষ্টিৰ বাবেও প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। জ্যেষ্ঠ মন্ত্রী জয়ন্ত মল্লবৰুৱা আৰু মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি ৩০ নম্বৰ বামুণীগাঁও পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাইলৈ বকোৰ গান্ধী মৈদামত প্ৰচাৰ অভিযানত ভাগ ল’ব ।
অহা ২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।