ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগত

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত ৰাখিছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ’বলগীয়া ৩৩ টা সমষ্টিৰ বাবে কালিও কেইবাগৰাকীও নেতাই প্ৰচাৰ অভিযানত অংশ লয়। সমষ্টিকেইটাত বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ দলে ঐক্যবদ্ধভাৱে প্ৰচাৰ অভিযান চলাই আছে। কংগ্ৰেছ দলৰ লগতে অন্যান্য ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও প্ৰচাৰ তীব্ৰ কৰি তুলিছে। জ্যেষ্ঠ বিজেপি নেতা তথা মন্ত্রী অশোক সিংহালে গোৱালপাৰা জিলাত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে কালি দদান পৰিষদীয় সমষ্টিত এন ডি এৰ প্ৰাৰ্থী দিবাকৰ ৰাভাৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে আন চাৰিটা সমষ্টিটো মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন মন্ত্ৰী ৰিপুন বৰাইও গোৱালপাৰা জিলাত নিজৰ দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদত গোৱালপাৰা জিলাত ২০টা আৰু কামৰূপ গ্ৰাম্য জিলাত ১৬টা পৰিষদীয় সমষ্টি আছে। ইয়াৰে গোৱালপাৰা জিলাত এটা আৰু কামৰূপ জিলাৰ দুটা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ পৰিপ্ৰেক্ষিতত মুঠ ৩৩টা সমষ্টিৰ বাবে ৯৬গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। অহা ২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব। ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক