ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। আজি কামৰূপ জিলাৰ বামুনীগাঁও পৰিষদীয় সমষ্টিত সাংসদ বিজুলী কলিতা মেধিয়ে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী কার্যালয় মুকলি কৰি বিজেপিৰ প্ৰাৰ্থী অজিত ৰাভাৰ হৈ প্ৰচাৰ চলায়। সাংসদগৰাকীয়ে বকো পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী সুমিত ৰাভাৰ সৈতেও প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে।

গোৱালপাৰা জিলাতো ১৯টা পৰিষদীয় সমষ্টিত প্রার্থীসকলে ভোটদাতাসকলক আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণেৰে প্ৰচাৰ অভিযান চলায়। দক্ষিণ দুধনৈৰ বিজেপি সমর্থিত ৰাভা-হাছং যৌথ সংগ্রাম সমিতিৰ প্ৰাৰ্থী তথা ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ সমানে সমানে কংগ্ৰেছ প্রার্থী সঞ্জীৱ কুমাৰ ৰাভা আৰু ভোটাৰ্ছ পাৰ্টী অৱ ইণ্ডিয়া দলৰ প্ৰাৰ্থী পুনম হাজোৱাৰীয়ে কেইবাখনো নির্বাচনী সভাত অংশ লয়।

উল্লেখযোগ্য যে, অহা ২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্রহণ হ’ব। অহা ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক