ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তীব্ৰতৰ হৈছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ’বলগীয়া ৩৩ টা সমষ্টিৰ বাবে আজিও কেইবাগৰাকীও নেতাই প্ৰচাৰ অভিযানত অংশ লয়। সমষ্টিকেইটাত বিজেপি, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু অসম গণ পৰিষদ দলে ঐক্যবদ্ধভাৱে প্ৰচাৰ অভিযান চলাই আছে। কংগ্ৰেছ দলৰ লগতে অন্যান্য ৰাজনৈতিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও প্ৰচাৰ তীব্ৰ কৰি তুলিছে। ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই আজি কেইবাটাও সমষ্টিত এন ডি এ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই আজি গোৱালপাৰা জিলাৰ ধূপধৰা পৰিষদীয় সমষ্টিত দলীয় প্ৰাৰ্থী মীনা পাটগিৰিৰ হৈ প্ৰচাৰ অভিযানত অংশ লয়। একেদৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সঞ্জীৱ কুমাৰ ৰাভা আৰু ভোটাৰ্ছ পাৰ্টী অব্ ইণ্ডিয়াৰ পুনম হাজোৱাৰীয়েও আজি প্ৰচাৰ চলায়। বিজেপিৰ প্ৰাৰ্থী সুচিত্রা নাথ, কংগ্ৰেছ দলৰ প্ৰাৰ্থী সোণালী সূত্ৰধৰ আৰু নিৰ্দলীয় প্রার্থী সাধনা চাংমাৰ প্ৰচাৰ অভিযানেও আকর্ষণীয় ৰূপ লৈছে।
পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাৰ ১৪টা সমষ্টিৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈছে। বিজেপি আৰু কংগ্ৰেছ দলে আজি জিলাখনৰ নিৰ্বাচন হ’বলগীয়া সমষ্টি কেইটাত প্ৰচাৰ অভিযানত অংশ লয়।
ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদত গোৱালপাৰা জিলাত ২০টা আৰু কামৰূপ গ্ৰাম্য জিলাত ১৬টা পৰিষদীয় সমষ্টি আছে। ইয়াৰে গোৱালপাৰা জিলাত এটা আৰু কামৰূপ জিলাৰ দুটা সমষ্টিত এন ডি এৰ প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ পৰিপ্ৰেক্ষিতত মুঠ ৩৩টা সমষ্টিৰ বাবে ৯৬গৰাকী প্ৰাৰ্থী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। অহা ২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব। ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ।