অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰি বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ কৰা হয়। প্ৰাৰ্থীসকলে পৰহিলৈ বিয়লি ৩ বজালৈকে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব আৰু একেদিনাই বিয়লি নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰা হ’ব। অহা ২ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্রহণ হ’ব আৰু ৪ এপ্ৰিলত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।
কামৰূপ জিলাৰ ১৬ টা পৰিষদীয় সমষ্টিৰ বাবে মুঠ ৫২ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰা আটাইকেইখন মনোনয়ন বৈধ হিচাপে বিবেচিত হয়। আমিনগাঁৱৰ সংহত আয়ুক্ত কাৰ্যালয়ত পৰীক্ষা কৰা মনোনয়ন পত্ৰৰ বিজেপিৰ তিনিজন, ৰাভা-হাচং যৌথ সংগ্ৰাম সমিতিৰ ১৩ জন, আপৰ ২ জন, তৃণমূল কংগ্ৰেছৰ ৪ জন, অসম জাতীয় পৰিষদৰ এজন, কংগ্ৰেছৰ ১৬ জন আৰু নিৰ্দলীয় ১৩ জন বৈধ প্রার্থী তালিকাত প্ৰকাশ কৰা হয় ৷
Site Admin | March 17, 2025 7:25 PM | Rabha-Hasang
অহা ২ এপ্ৰিলত হ’বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বৈধ মনোনয়ন পত্ৰৰ তালিকা প্ৰকাশ
